Pregnant Women Attack: যোৰহাটত গৰ্ভৱতী মহিলাক প্ৰহাৰ দুৰ্বৃত্তৰ দলৰ

author img

By

Published : Mar 11, 2023, 8:53 PM IST

Pregnant Women Attack In Jorhat
গৰ্ভৱতী মহিলাক প্ৰহাৰ দুৰ্বৃত্তৰ দলৰগৰ্ভৱতী মহিলাক প্ৰহাৰ দুৰ্বৃত্তৰ দলৰ ()

যোৰহাটত অন্তঃসত্বা মহিলাক প্ৰহাৰ কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ সামান্য কথাতে যুৱকৰ দলে প্ৰহাৰ কৰিলে এগৰাকী গৰ্ভৱতী মহিলাক (Pregnant Women Attack)৷

গৰ্ভৱতী মহিলাক প্ৰহাৰ দুৰ্বৃত্তৰ দলৰ

যোৰহাট, 11 মাৰ্চ: ৰাজ্যত কিমান সুৰক্ষিত নাৰী? বৰ্তমান সময়ত পদে পদে উত্থাপন হৈ আহিছে এই প্ৰশ্ন ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতেই যোৰহাটত সংঘটিত হৈছে এক জঘন্য ঘটনা (Crime against Women) ৷ নিজ ঘৰৰ সন্মুখতেই এগৰাকী গৰ্ভৱতী মহিলাক প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলে (Pregnant Women Attack)৷

ঘটনা অনুসৰি যোৱা 8 মাৰ্চত যোৰহাটৰ বঙাল পুখুৰীত বাস কৰা এটা দম্পতীয়ে হোলীৰ উপলক্ষে গাঁৱৰ ঘৰলৈ গৈছিল ৷ তেওঁলোকে বিয়লি ঘৰলৈ ঘূৰি আহোঁতে ঘৰৰ সন্মুখত এগৰাকী যুৱতীয়ে কেইজনমান যুৱকৰ সৈতে মদ্যপান কৰি থাকে ৷ তেওঁলোকে ৰাস্তা বিচাৰি গাড়ীৰ হৰ্ণ মৰাৰ লগে লগেই সামান্য কথাতেই যুৱতীগৰাকীৰ লগত দম্পতীটোৰ তৰ্কাতৰ্কি হয় ৷

তাৰ পিচতেই যুৱতীগৰাকীৰ লগত থকা যুৱকৰ দলটোৱে অতৰ্কিতে আহি গৰ্ভৱতী মহিলাগৰাকীক প্ৰহাৰ কৰাৰ লগতে তেওঁৰ স্বামীকো আক্ৰমণ কৰে ৷ যুৱকৰ দলটোৱে মাৰপিটতে ক্ষান্ত নাথাকি গৰ্ভৱতী মহিলাগৰাকীক পেটত গোৰ মৰাৰ লগে লগে স্বামীয়ে হাতত এডাল লাখুটি লৈ প্ৰাণ বচাবলৈ ওলোটাই প্ৰহাৰ কৰে (Pregnant Women Attack In Jorhat)৷

এই সমগ্ৰ ঘটনা তেওঁলোকৰ ঘৰৰ চিচিটিভি কেমেৰাত বন্দী হয় ৷ এই সমগ্ৰ ঘটনাৰ পিচতে ভুক্তভোগী দম্পতীটোৱে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ কিন্তু ইয়াৰ পিচতো আৰক্ষীয়ে দম্পতীটোৰ অভিযোগৰ সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত কৰিছে । আৰক্ষীয়ে ওলোটাই দম্পতীটোকহে দুৰ্বৃত্তৰ দলটোৰ লগত সমানে প্ৰহাৰ কৰা বুলি কৈ দায়িত্ব সাৰিছে বুলি দম্পতীটোৱে অভিযোগ উত্থাপন কৰে ৷

এগৰাকী গৰ্ভৱতী মহিলাই আৰক্ষী ওচৰত ন্যায় বিচাৰিবলৈ গৈ নিজে অপমানিত হোৱাৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, নাৰী নিৰাপত্তা তথা সবলীকৰণৰ কথা কৈ থকাৰ সময়তে নাৰীজনিত অপৰাধৰ এনেকুৱা ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Sivasagar Physical abuse case : কিশোৰী নিৰ্যাতনৰ অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.