অসম

assam

পূজাত যোৰহাটৰ কোনবোৰ স্থানত থাকিব No Parking

By

Published : Oct 1, 2022, 4:00 PM IST

Jorhat police

দুৰ্গা পূজাক লৈ সষ্টম যোৰহাট আৰক্ষী (Jorhat police preparation for Durga Puja)। পূজাৰ দিনকেইটাত ক'ত আপুনি বাহন ৰাখিব পাৰিব ? ক'ত বাহনৰ প্ৰৱেশ নিষেধ ? বিসৰ্জনৰ দিনটোক লৈ আৰক্ষীয়ে কি নিৰ্দেশনা দিছে ?

যোৰহাট,১ অক্টোবৰ :ৰাজ্যত এতিয়া দুৰ্গা পূজাক লৈ বিশেষ আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে (Durga Puja 2022)। সমান্তৰালকৈ উৎসৱৰ বতৰত যাতে যানজঁট বা কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্যৰ চাৰিওফালে অসম আৰক্ষী সষ্টম হৈছে । আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে (Police announced restriction for Durga Puja)।

ইয়াৰ মাজতে যোৰহাট আৰক্ষীয়ে দুৰ্গা পূজাৰ সময়ত মানিবলগীয়া বিভিন্ন নীতি-নিৰ্দেশনা সম্পৰ্কে সংবাদমেল সম্বোধন কৰিছে । দুৰ্গা পূজাক লৈ পথ নিৰ্দেশনা সম্পৰ্কেও আৰক্ষীয়ে উল্লেখ কৰিছে (Durga Puja restrictions in Jorhat)। যোৰহাট আৰক্ষীয়ে জনোৱা মতে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে থাকিব 'Walking Zone'। এই পথত দুচকীয়া, চাৰিচকীয়া বাহনৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

সমান্তৰালকৈ নিৰ্মল চাৰিআলিৰ পৰা লাহতি পইণ্টলৈকেও থাকিব 'Walking Zone' । উক্ত পথটো যান-বাহনৰ প্ৰৱেশ নিষেধ । আনহাতে এ টি ৰোড আৰু গড় আলিত সংযোগ হোৱা পথটোত থাকিব যান-বাহন প্ৰৱেশত নিষেধাজ্ঞা । ৰাইজৰ নিৰাপত্তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যোৰহাট আৰক্ষী তথা প্ৰশাসনে ।

এইবাৰ যোৰহাট নগৰৰ ৪ ঠাইত থাকিব পাৰ্কিঙৰ ব্যৱস্থা । সেই কেইটা স্থান ক্ৰমে যোৰহাট ক'ৰ্ট ফিল্ড, যোৰহাট ষ্টেডিয়াম, জে ডি এছ ফিল্ড আৰু যোৰহাট টাউন ৰে'লৱে ষ্টেচনৰ সমীপত । পূজাৰ দিনকেইটা পুৱা ১১.৩০ পৰা নিশা ১ বজালৈকে বাহাল থাকিব নিয়মসমূহ । ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমীৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে । কিন্তু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নাথাকিব এইসমূহ নিষেধাজ্ঞা ।

দশমীৰ দিনা কিছু পৃথক হ'ব নিৰাপত্তা ব্যৱস্থা । যোৰহাট টাউনৰ পৰা বিসৰ্জনৰ বাবে যিসমূহ বাহন আহিব সেইসমূহ বাহন গড়আলি হৈ, PWD পইণ্ট লাহতি হৈ পূজাদুবী ঘাটলৈ যাব পাৰিব । ঘাটলৈ কেৱল প্ৰতিমা অনা বাহনখনকহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব । লগত যোৱা বাহনসমূহ ৰ'ব নোৱাৰিব আৰু JEC হৈ ওলায় যাব লাগিব ।

চিনামৰাৰ ফালৰ পৰা প্ৰতিমা বিসৰ্জনৰ বাবে যিসমূহ বাহন আহিব সেইবাহনসমূহে সদৰ হৈ ক্লাৱ ৰোড, ন-আলি, ডস্ক এণ্ড কোঃৰ পৰা গীতাৰ্থী পইণ্ট, জে বি কলেজ, বৰুৱা চাৰিআলি এ.টি ৰোড হৈ গড় আলি পৰা PWD পইণ্ট লাহতি হৈ পূজাদুবী ঘাটলৈ যাব পাৰিব । ভোগদৈৰ পৰা প্ৰতিমা বিসৰ্জনৰ বাবে অহা বাহনসমূহ নিৰ্মল চাৰিআলি হৈ গড়আলি PWD পইণ্ট লাহতি হৈ পূজাদুবী ঘাটলৈ যাব পাৰিব ।

লগতে পঢ়ক :মৰাণ ফুটবল দলৰ বিজয়ৰে অন্ত পৰিল প্ৰৱীন কুমাৰ গগৈ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ

TAGGED:

ABOUT THE AUTHOR

...view details