অসম

assam

Jorhat Agriculture Department : যোৰহাট জিলাত 'কিষাণ ড্ৰোন'ৰ সহায়ত জৈৱিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগৰ প্ৰদৰ্শন

By

Published : Aug 4, 2023, 6:46 PM IST

যোৰহাট জিলা কৃষি বিভাগ আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া উদ্যোগত কৃষিভূমিত প্ৰদৰ্শনীমূলকভাৱে 'কিষাণ ড্ৰোন'ৰ সহায়ত জৈৱিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা এক কৃষি ভিত্তিক কাৰ্যসূচী ৷ জিলা কৃষি বিভাগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ সুবিধা কৃষকে লাভ কৰাতো নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

Demonstration of Folier Application
'কিষাণ ড্ৰোন'ৰ সহায়ত প্ৰদৰ্শনীমূলকভাৱে কীটনাশক দ্ৰব্য প্ৰয়োগৰ কাৰ্যসূচী

যোৰহাট, 4 আগষ্ট : যোৰহাট জিলা কৃষি বিভাগ আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া উদ্যোগত 3 আগষ্টত ন-কছাৰী কৃষি উন্নয়ন চক্ৰৰ বালিজনীয়া গাঁৱৰ কৃষিভূমিত প্ৰদৰ্শনীমূলকভাৱে 'কিষাণ ড্ৰোন'ৰ সহায়ত জৈৱিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা এক কৃষি ভিত্তিক কাৰ্যসূচী গ্ৰহণ কৰা হয় | কাৰ্যসূচীত যোৰহাট জিলা কৃষি বিষয়া তনয় জ্যোতি গগৈ, টীয়ক কলিয়াপানীস্থিত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড৹ সঞ্জয় বৰঠাকুৰ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ৰূপম কাকতি, ন-কছাৰী কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰিয়াংকু মজুমদাৰ আৰু বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক প্ৰগতিশীল কৃষক উপস্থিত আছিল ৷

'কিষাণ ড্ৰোন'ৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী

'কিষাণ ড্ৰোন'ৰ সহায়ত জৈৱিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা কাৰ্যসূচীটো শুভ উদ্বোধন কৰি নৱনিযুক্ত যোৰহাট জিলা কৃষি বিষয়া তনয় জ্যোতি গগৈয়ে কয় যে, 'কিষাণ ড্ৰোন'ৰ সহায়ত জৈৱিক সাৰ, কীটনাশক দ্ৰব্যৰ প্ৰয়োগে অসমৰ কৃষি খণ্ডলৈ এক আমূল পৰিৱৰ্তন কঢ়িয়াই আনিব ৷ কৃষি খণ্ডত যথোপযুক্ত যন্ত্ৰৰ প্ৰয়োগে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে অসমৰ কৃষি অৰ্থনীতি সবল কৰি তুলিব ৷

জিলা কৃষি বিভাগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ সুবিধা উপযুক্ত কৃষকে লাভ কৰাতো নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যোৰহাট জিলাক এখন সমৃদ্ধিশালী কৃষি জিলাৰূপে গঢ়িবলৈ যোৰহাট জিলা কৃষি বিভাগে সংকল্প গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, কৃষি বিভাগৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি তুলিবলৈ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন পদক্ষেপ তথা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু কম পৰিমাণৰ ভূমিত খেতি কৰি কৃষকে কিদৰে অধিক উপকৃত হ'ব পাৰে তাৰ লগত সংগতি ৰাখি কৃষক মাজলৈ উলিয়াই দিছে উন্নত প্ৰজাতিৰ ধানৰ বীজৰ লগতে অন্যান্য বীজ ৷

কৃষি বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা বীজ কৃষি কাৰ্যত লগাই উপকৃত হৈছে কৃষক সকল ৷ অন্যহাতে কৃষি ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিবলৈ কেবাটাও সেচ্ছাসেৱী অনুষ্ঠানেও কাম কৰি আহিছে জিলাখনত ৷

লগতে পঢ়ক :Tea workers protest : প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details