ETV Bharat / state

Tea workers protest : প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Aug 4, 2023, 3:09 PM IST

ইটাখোলাৰ দিকৰাই চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সমুখত কেইবা সহস্ৰাধিক শ্ৰমিকে নিজৰ প্ৰাপ্যৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Protest at Dikrai tea garden demanding their rights at Sootea
প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

চতিয়া, 4 আগষ্ট : প্ৰাপ্যৰ দাবীত দিকৰাই চাহ বাগিছাত উত্তাল প্ৰতিবাদ ৷ দিকৰাই চাহ বাগিছাৰ অন্তৰ্গত পাঁচটা ডিভিজনৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল মুখ্য কাৰ্যালয়ৰ চৌহদ । সাপ্তাহিক ৰেচন-পাতিকে ধৰি প্ৰাপ্য মজুৰিৰ দাবীত শুকুৰবাৰে বাগিচাখনৰ শ্ৰমিকসকলে ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ বাগিচাৰ পৰিচালকগৰাকীক ৰেচন, স্বাস্থ্য সুবিধা, নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু প্ৰাপ্য মজুৰি বিচাৰি শ্ৰমিকসকলে বহুবাৰ আৱেদন নিবেদন কৰিছে যদিও বাগিছা কৰ্তৃপক্ষই শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ প্ৰতি কোনোদিনে কাণসাৰ নিদিয়াৰ বাবেই এইদৰেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী শ্ৰমিকে ৷ অনাগত সময়ত শ্ৰমিকসকলে প্ৰাপ্য আদায়ৰ দাৱীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

প্ৰতিবাদৰ অন্তত দিকৰাই চাহ বাগিছাৰ মুখ্য পৰিচালক অংকুমনি বৰাৰ হাতত শ্ৰমিকসকলে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে, আগন্তুক এমাহৰ ভিতৰত শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰসমূহ মোকোলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বাগিচাৰ পৰিচালকগৰাকীয়ে ৷ পৰিচালকগৰাকীয়ে শ্ৰমিকসকলৰ দাবী পত্ৰত স্বাক্ষৰ কৰাৰ পাছত শ্ৰমিকসকলে প্ৰতিবাদ সামুহিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

অসম চাহ মজদুৰ সংঘৰ ইটাখোলা শাখাৰ উদ্যোগত চাহ শ্ৰমিকসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদস্থলীত আৰক্ষী প্ৰশাসন, চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হৈছিল । চাহ শ্ৰমিকসকলৰ প্ৰাপ্য দাবীসমূহৰ প্ৰতিলিপি অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় সমিতি, শ্ৰম আয়ুক্ত আৰু জিলাৰ উপায়ুক্তগৰাকীলৈ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰমিক ইউনিয়নে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Teacher appointment scam: শিক্ষা বিভাগৰ কেলেংকাৰীৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.