যোৰহাট, 16 জুন: লেম চাকি লৈ যোৰহাট বিদ্যুৎ ভৱনত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ ৷ বিজেপিৰ শাসনৰ বাবে অসমবাসী পুনৰ ঘূৰি যাব লাগিব লেম-চাকিৰ যুগলৈ; প্ৰতিবাদত অংশগ্ৰহণ কৰি এই মন্তব্য কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷
ৰাজ্যত অত্যাধিক হাৰত বৃদ্ধি পোৱা বিদ্যুৎ মাচুলৰ বাবে ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে ৰাজ্যবাসীয়ে ৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে যোৰহাট জিলা কংগ্ৰেছ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত কংগ্ৰেছে বিশাল পদযাত্ৰা কৰি যোৰহাট বিদ্যুৎ ভৱনৰ সমূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছে বিদ্যুৎ ভৱনত লেম , চাকি লৈ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী ধ্বনি প্ৰদান কৰে ৷
আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে প্ৰি-পেইড মিটাৰৰ যোগেদি বিজেপি চৰকাৰে অত্যাধিক হাৰত বিল প্ৰদান কৰি জনসাধাৰণক মাধমাৰ শোধাইছে আৰু জনসাধাৰণক বিজেপি চৰকাৰে লেম-চাকিৰ যুগলৈ উভতি যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিছে ৷ নিৰ্বাচনৰ পূৰ্বে 24 ঘন্টাই বিজেপি চৰকাৰে বিদ্যুৎ যোগান ব্যৱস্থা অব্যাহত থাকিব বুলি কৈছিল যদিও আজিৰ তাৰিখত বিদ্যুৎৰ লুকাভাকু সহজ হৈ পৰিছে ৷