অসম

assam

DAC Election Result 2022: যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

By

Published : Nov 10, 2022, 2:17 PM IST

Congress Candidate Keshab deori win fron Jorhat
যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ ()

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাটত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীয়ে(Congress Candidate Keshab deori win) ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীক ১৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

যোৰহাট, ১০ নৱেম্বৰ:দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাট ৮ নং পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছ দল প্ৰাৰ্থী কেশৱ দেউৰীয়ে(Congress Candidate Keshab deori win ) বিজয় সাব্যস্ত কৰে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ১৩৩টা ভোটৰ ব্যৱধানত মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীক পৰাস্ত কৰে । দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পশ্চিম যোৰহাটৰ ৮নং পৰিষদীয় সমষ্টিত ১,৯৭৫ গৰাকীৰ ভোটাধিকাৰ আছিল আৰু ১,৭১৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷

যোৰহাট পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কেশৱ দেউৰীৰ জয়লাভ

আজি ভোটগণনাত ৮নং পৰিষদীয় সমষ্টি পৰাৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী কেশৱ দেউৰীয়ে ৯১৮টা ভোট লাভ কৰে(Deori Autonomous council election counting) ৷ ইয়াৰ বিপৰীতে মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী কেনেডী দেউৰীয়ে ৭৮৫ টা আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জোমন দেউৰীয়ে ১১টা ভোট লাভ কৰে ৷ আনহাতে ন’টাত পৰে ৫৫টা ভোট । কেশৱ দেউৰীৰ সমৰ্থকসকলে আনন্দতে ভোট গণনা কেন্দ্ৰৰ সমীপতে বিহু নাচি আনন্দত উল্লাস কৰে ।

বিজয়ী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদমাধ্যৰ আগত ছাত্ৰ-ছাত্ৰী তথা নিবনুৱা সমস্যা সমাধানত প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে ৷ আনহাতে সমষ্টিটোত পৰাজয়বৰণ কৰাৰ পিছত মিত্ৰদল তথা অগপৰ শিৱিৰত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷

উল্লেখযোগ্য যে অগপৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কেনেডী দেউৰীক জয়যুক্ত কৰাবলৈ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৮নং পৰিষদীয় সমষ্টিত মন্ত্ৰী-বিধায়কৰ পৰাৰ শীৰ্ষ ৰাজনৈতিক নেতাই বাহৰ পাতি নিৰ্বাচনীৰ প্ৰচাৰ চলাইছিল । দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৮নং দেউৰীৰ স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় সমষ্টিটো নামদেউৰী আৰু ওপৰদেউৰীৰ দুখন বৃহৎ গাঁৱক লৈ গঠিত ।

লগতে পঢ়ক :BJP Candidate Bhaskar Deori won: ডিব্ৰুগড়ত বিজেপি কৰ্মীৰ বিজয়োল্লাস

ABOUT THE AUTHOR

...view details