অসম

assam

Himanta Biswa Sarma in Jorhat : গুৱাহাটীত কৃত্ৰিম বান নাইকিয়া কৰিবলৈ বিশ্বকৰ্মাক লাগিব : মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:16 PM IST

Updated : Oct 12, 2023, 6:29 PM IST

নগৰত কৃত্ৰিম বান হোৱাটো এক পৰিঘটনা বুলি কৈ মুখ্যমন্ত্ৰীয়ে দিল্লী, মুম্বাইৰ লগতে নিউয়ৰ্কতো কৃত্ৰিম বান হয় বুলি মন্তব্য কৰিছে ৷ বান পৰিস্থিতিৰ পৰা মানুহক কিমান সোনকালে সকাহ দিব পাৰি সেইটোহে মূল কথা বুলি কয় তেওঁ ৷

Himanta Biswa Sarma in Jorhat
গুৱাহাটীত বান থাকিবই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

কৃত্ৰিম বান হোৱাটো এক পৰিঘটনা আখ্যা মুখ্যমন্ত্ৰীৰ

যোৰহাট, 12 অক্টোবৰ : "গুৱাহাটীত বান থাকিবই ৷ ওপৰৰ পৰা পানী আহিব সেইটো কোনে কেনেকৈ নাইকীয়া কৰিব পাৰিব, ভগৱানৰ লগত কোনো কেনেকৈ যুঁজিব ৷" এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটীৰ কৃত্ৰিম বানক লৈ সময়ে সময়ে নাভূত-নাশ্ৰুত মন্তব্য আগবঢ়াই অহা মুখ্যমন্ত্ৰীজনে বৃহস্পতিবাৰে যোৰহাটত উপস্থিত হৈ পুনৰ এইদৰে মন্তব্য কৰা পৰিলক্ষিত হ’ল ৷ আনকি নগৰত কৃত্ৰিম বান হোৱাটো এক পৰিঘটনা বুলি কৈ মুখ্যমন্ত্ৰীজনে দিল্লী, মুম্বাইৰ লগতে নিউয়ৰ্কতো কৃত্ৰিম বান হয় বুলি মন্তব্য কৰে ৷

কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "বান পৰিস্থিতিৰ পৰা মানুহক কিমান সোনকালে সকাহ দিব পাৰি সেইটোহে মূল কথা ৷ ভগৱানৰ লগত কোনে কেনেকৈ সংগ্ৰাম কৰিব ৷ কিন্তু সংগ্ৰাম হয় আমি দুদিনত নে এদিনত পানী উলিয়াব পাৰোঁ ৷ তেওঁ কয় যে, গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈ থকা অৱস্থাত 7 দিন পানী আছিল, এতিয়া চাৰি ঘন্টা পানী থাকে ৷ এইটোৱে পাৰ্থক্য ৷" কিন্তু একেবাৰে পানী নোহোৱা কৰিবলৈ বিশ্বকৰ্মাক লাগিব তেওঁৰ দৰে সাধাৰণ মানুহে এই কাম ক’ত পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ চৰকাৰ এখনৰ সফলতা-বিফলতাৰ পৰিচয় এইটোৱেই যে, কিমান সোনকালে পানী উলাই গৈছে ৷ গুৱাহাটীত মানুহৰ ইমান বেয়া অৱস্থা হোৱা হ’লে ৰাজপথলৈ উলাই আহিল হেতেন বুলিও কয় তেওঁ ৷

মুখ্যমন্ত্ৰীয়ে সাংবাদিক সকলক উদ্দেশ্যি কয় " আজি আঢ়ৈ বছৰ কোনো মানুহেই ৰাস্তালৈ উলাই অহা নাই ৷ তাৰ প্ৰমাণ এইয়াই যে, আপোনালোকে যিবিলাক অসুবিধা বুলি ভাবিছে মানুহে সেইবিলাক অসুবিধা বুলি ভবা নাই ৷ মানুহে ভাবিছে যে, চৰকাৰখনে চেষ্টা কৰি আছে হৈ যাব ৷ চৰকাৰৰ বিপক্ষে ইমান গোৱাৰ পাছতো পিকেটিং নহয়, বন্ধ নহয় ৷ গতিকে মানুহে এটা কথা জানে য়ে, অসমৰ দৰে এখন সমস্যা বহুল ৰাজ্যত সকলো সমস্যা আঢ়ৈ বছৰত কোনেও সমাধান কৰিব নোৱাৰে ৷"

ইফালে চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, বিদ্যালয় বন্ধ হ’বই লাগিব ৷ কাৰণ বহু বিদ্যালয় চৰকাৰে খুলিছে ৷ এক কিলোমিটাৰত এখন স্কুল থাকিব লাগিব, এক কিলোমিটাৰত যদি পাঁচখন স্কুল থাকে, বন্ধ কৰিবই লাগিব ৷ এইক্ষেত্ৰত স্কুলৰ হিচাবটো বুজি পাব লাগিব বুলি কয় তেওঁ ৷ লগতে স্কুল সমূহ প্ৰয়োজনীয়তাৰ বাবে নহয় মানৱীয়তাৰ বাবেহে অৰ্থাৎ শিক্ষকক দৰমহা দিয়াৰ বাবেহে কৰা হৈছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক :Assam CM slams Congress : কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Oct 12, 2023, 6:29 PM IST

ABOUT THE AUTHOR

...view details