Assam CM slams Congress : কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 4:30 PM IST

thumbnail

যোৰহাট,১২ অক্টোবৰ : আগন্তুক দিনত কংগ্ৰেছ দলক আফগানিস্তানৰ তালিবান চৰকাৰ অথবা পাকিস্তান চৰকাৰৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কংগ্ৰেছ দলক কটাক্ষ কৰে । ইজৰাইল আৰু হামাছ যুদ্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰে ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছ দলে হামাছ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মন্তব্য কৰাৰ পৰিৱৰ্তে পেলেষ্টাইনৰ পক্ষত মন্তব্য কৰি আছে । কংগ্ৰেছৰ মুখত হামাছ বা সন্ত্ৰাসবাদৰ প্ৰসংগ নাই বুলি তেওঁ দাবী কৰে । আনহাতে হামাছে বন্দী কৰি ৰখা শিশু বা মহিলা আৰু ১৫০ লোকক বন্দী কৰি ৰখা প্ৰসংগত কংগ্ৰেছে কোনো মন্তব্য নিদিয়াৰ অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কংগ্ৰেছৰ মুখত যিবোৰ প্ৰসংগই স্থান পাইছে পাকিস্তানৰ মুখতো তেনে প্ৰসংগই স্থান পায় । সেয়েহে কংগ্ৰেছে তালিবান আৰু পাকিস্তান চৰকাৰৰ লগতে মিত্ৰতা কৰি ভাৰতত চৰকাৰ গঠন কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । আনহাতে বিহাৰত অসম অভিমুখী ৰে'ল দুঘটনাত শদিয়াৰ দুগৰাকী ব্যক্তিৰ মৃত্যু সন্দৰ্ভত তেওঁ কয় যে মৃতদেহ কেইটা অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :Prabin Boro Joins Congress: কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হ’ল প্ৰবীণ বড়ো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.