অসম

assam

EIA-2020ৰ বিৰুদ্ধে চিটুৰ ভাৰত বাচাও আন্দোলন

By

Published : Aug 10, 2020, 2:10 PM IST

যোৰহাটত সোমবাৰে EIA 2020ৰ বিৰুদ্ধে চিটুৰ ভাৰত বাচাও আন্দোলন কাৰ্যসূচী । চৰকাৰৰ বিৰুদ্ধে সকলোকে একগোট হৈ ওলাই আহিবলৈ আহ্বান জনায় সংস্থাটোৱে ৷

CITU protest aginest forest law at Jorhat
EIA 2020ৰ বিৰুদ্ধে চিটুৰ ভাৰত বাচাও আন্দোলন

যোৰহাট, 10 আগষ্ট: শাসনাধিষ্ঠ বিজেপি চৰকাৰে দেশৰ মুঠ সম্পদৰ 73 ভাগ দেশী-বিদেশী পুঁজিপতিৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি সোমবাৰে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে চিটুৱে ৷ যোৰহাট চহৰৰ মাজৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী তথা ভাৰত বাচাও আন্দোলন ৰূপায়ণ কৰে সংস্থাটোৱে ।

EIA 2020ৰ বিৰুদ্ধে চিটুৰ ভাৰত বাচাও আন্দোলন

কৰ’ণা মহামাৰীৰ সংকটৰ এই সময়ছোৱাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে জনবিৰোধী নীতি গ্ৰহণ কৰি জনতাৰ জীৱনৰ স্বাধীনতা কাঢ়ি নিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে ।

প্ৰতিবাদত তেওঁলোকে কয় যে,ভাৰত চৰকাৰে শ্ৰম আইন সংশোধন কৰি শ্ৰমিকৰ অধিকাৰ কাঢ়ি নিয়াৰ উপৰিও কৃষিভূমি অধিগ্ৰহণ,কৃষিখণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ব্যৱস্থা লগতে শেহতীয়াকৈ EIA 2020 জাৰি কৰি কৃষকৰ ভূমি উচ্ছেদ কৰাৰ বাট মুকলি কৰিছে ।

লগতে পঢ়ক:ভৰা শিঙৰীত কাণ্ডত আছে তৃতীয় পক্ষৰ হাতঃ গণেশ লিম্বু

ABOUT THE AUTHOR

...view details