ETV Bharat / state

ভৰা শিঙৰীত কাণ্ডত আছে তৃতীয় পক্ষৰ হাতঃ গণেশ লিম্বু

author img

By

Published : Aug 10, 2020, 1:00 PM IST

ঠেলামৰাৰ উক্ত সন্ত্ৰাসজৰ্জৰ অঞ্চলৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন..

MLA Ganesh Limbu
গণেশ লিম্বু

তেজপুৰ,১০ আগষ্ট : সম্প্ৰতি পৰিস্থিতি কিছু পৰিৱৰ্তন হৈছে শোণিতপুৰৰ বৰছলা সমষ্টিৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুদুবাত ৷ বিগত বুধবাৰে অঞ্চলটোত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ পিছত অব্যাহত আছে সান্ধ্য আইন ৷ ইতিমধ্যে এই সংঘৰ্ষস্থলী পৰিদৰ্শনৰ বাবে লানি লাগিছে শাসকীয় বিধায়ক সকলৰ ৷

ই টিভি ভাৰতৰ এক Exclusive সাক্ষাৎকাৰ

লগতে পঢ়কঃ অসম চৰকাৰৰ নিৰ্দেশনাক লৈ ক্ষোভিত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

5 আগষ্টত সংঘটিত এই ঘটনা সম্পৰ্কে স্থানীয় বিধায়ক গণেশ লিম্বুৱে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে,যিহেতু সেই অঞ্চলটোত মাত্ৰ ২৬০ ঘৰ লোক ভোটৰ তালিকাত অন্তৰ্ভুক্ত গতিকে উক্ত ঘটনাত নিশ্চয় তৃতীয় পক্ষৰ লোক উপস্থিত আছিল ৷

ই টিভি ভাৰতৰ এক Exclusive সাক্ষাৎকাৰ
ইয়াৰোপৰি,ভৰা শিঙৰী অঞ্চলটোত কিছুমান অবৈধ বেদখলকাৰীয়ে খোপনি পোতা বুলিও অৱগত কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে,এই সমগ্ৰ বিষয় ইতিমধ্যে মুখ্যমন্ত্ৰীৰ দৃষ্টি গোচৰ হৈছে ৷ জিলা প্ৰশাসনে অতি শীঘ্ৰে নিৰীক্ষণ কৰি অঞ্চলটোত উচ্ছেদ অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে স্থানীয় বিধায়ক গণেশ লিম্বুয়ে ৷
ই টিভি ভাৰতৰ এক Exclusive সাক্ষাৎকাৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.