ETV Bharat / state

অসম চৰকাৰৰ নিৰ্দেশনাক লৈ ক্ষোভিত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

author img

By

Published : Aug 10, 2020, 11:50 AM IST

বৰাক উপত্যকাৰ চিকিৎসা ব্যৱস্থাক লৈ ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিমগঞ্জৰ বিধায়ক গৰাকীৰ ৷ চৰকাৰী চিকিৎসকক ব্যক্তিগত চিকিৎসালত চিকিৎসা প্ৰদানৰ সুবিধাৰ পৰা বঞ্চিত কৰিলে সু-চিকিৎসাৰ পৰা বঞ্চিত হ’ব বৰাক উপত্যকাৰ তিনিখন জিলাৰ জনসাধাৰণ ৷

karimganj mla criticised state government
অসম চৰকাৰৰ নিৰ্দেশনাক লৈ ক্ষোভিত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ

কৰিমগঞ্জ, 10 আগষ্টঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ পাছতেই ক্ষুদ্ধ হৈ পৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বৰাক উপত্যকাৰ চিকিৎসা ব্যৱস্থাক লৈ ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ বিধায়ক গৰাকীৰ ৷ উল্লেখেয যে,কোনো চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছিল অসম চৰকাৰে ৷ এই নিৰ্দেশনাৰ পাছতেই অসম চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি ক্ষোভ উজাৰে বিধায়ক গৰাকীয়ে ৷

চৰকাৰী নিৰ্দেশনাৰ বাবে সুচিকিৎসাৰ পৰা বঞ্চিত হ’ব তিনি জিলাৰ নাগৰিক

এক আছুতীয়া সাক্ষাৎ বিধায়ক গৰাকীৰ অভিযোগ,বৰ্তমানেও কোনোপধ্যেই সন্তোষজনক নহয় বৰাক উপত্যকাৰ চিকিৎসা ব্যৱস্থা ৷ ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে কৰিমগঞ্জত এখন চিকিৎসালয় খোলা হৈছে যদিও বৰ্তমান পৰ্যন্ত ভেণ্টিলেশ্যনৰ কোনো ব্যৱস্থা নাই চিকিৎসালয়খনত ৷ বৰাক উপত্যকাৰ তিনিখন জিলাৰ ভিতৰত মাত্ৰ এখনেই চিকিৎসা মহাবিদ্যালয় আছে শিলচৰত ৷ কিন্তু কোনো কঠিন ৰোগৰ চিকিৎসাৰ সুবিধা নাই চিকিৎসা মহাবিদ্যালয়ত ৷ যাৰ বাবে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত উপস্থিত হ’বলৈ বাধ্য হয় তিনিওখন জিলাৰ জনসাধাৰণ ৷ চৰকাৰে জাৰি কৰা এই নিৰ্দেশনাৰ বাবে তিনিওখন জিলাৰ জনসাধাৰণে সু-চিকিৎসা লাভৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য কৰে বিধায়ক পুৰকায়স্থই ৷

লগতে পঢ়কঃশিলাদিত্য দেৱৰ বিৰুদ্ধে ধেমাজি সদৰ থানাত এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.