অসম

assam

Bhaona Sammelan press meet: আউনীআটী সত্ৰত অসম ভাওনা সন্মিলনৰ ৰাজ্যিক সমিতি গঠন

By

Published : Feb 2, 2023, 12:35 PM IST

ভাওনা সংস্কৃতিক বিশ্বমুখী কৰাৰ মানসেৰে ঐতিহাসিক আউনীআটী সত্ৰত অসম ভাওনা সন্মিলনৰ ৰাজ্যিক সমিতি গঠন ৷ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ পূৰ্ণ পৃষ্ঠপোষকতাত গঠন কৰা হয় এই সমিতিখন ৷

Bhaona Sammelan press meet in Teok Jorhat
সংবাদমেল সম্বোধন আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ

সংবাদমেল সম্বোধন আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ

টীয়ক, 2 ফেব্ৰুৱাৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অনুপম তথা অমৰ সৃষ্টিয়েই হৈছে ভাওনা সংস্কৃতি । এই ভাওনা সংস্কৃতিয়ে অসমীয়া সমাজৰ সংস্কৃতিৰ বৰঘৰ নিৰন্তৰভাৱে উজ্বলাই ৰাখিবলৈ সক্ষম হৈছে । সেয়ে ভাওনা সংস্কৃতিৰ ঐতিহ্য গৰিমা বিশ্বমুখী কৰাৰ উদ্দেশ্য আগত ৰাখি অসমৰ আধ্যত্মিক ক্ষেত্ৰখনৰ বহুসংখ্যক জ্যেষ্ঠ সাধকৰ মতামত গ্ৰহণ কৰিছিল কেইগৰাকীমান সাধকে ৷

ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীৰ পূৰ্ণ পৃষ্ঠপোষকতাত টীয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভাওনা সংস্কৃতিৰ সৈতে জড়িত শিল্পী, কলা কৌশলীসকলক লৈ অসম ভাওনা সন্মিলনৰ ৰাজ্যিক সমিতিখন গঠন কৰা হৈছে (Assam Bhaona Sammelan State Committee formed)।

লগতে এই সন্মিলনে অনাগত দিনত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত তথা ভাৰতৰ বাহিৰতো ভাওনা সংস্কৃতিৰ প্ৰচাৰ ও প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে উদ্যোক্তাসকলে ।

উল্লেখযোগ্য যে অসমৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সভাত সৰ্বসন্মতিক্ৰমে অসম ভাওনা সন্মিলনৰ ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীক (Present Satradhikar of Sri Sri Auniati Satra Pitambar Dev Goswami) আৰু বিশিষ্ট শিক্ষাবিদ ড৹ মানিক শইকীয়াক মুখ্য সম্পাদক হিচাপে লৈ অসম ভাওনা সন্মিলনৰ ৰাজ্যিক সমিতিখন গঠন কৰিছে ।

ইপিনে দুলীয়াজানৰ ইন্দ্ৰ কোঁৱৰ আৰু নাৰায়ণপুৰৰ প্ৰফুল্ল শইকীয়াক অসম ভাওনা সন্মিলনৰ কাৰ্যকৰী সভাপতি, গুৱাহাটীৰ ড৹ আলেখ্য বৰুৱা, অশোক শইকীয়া, চৰাইদেউৰ কেশৱ গগৈ আৰু ধুবুৰীৰ ড৹ উপেন্দ্ৰজিৎ শৰ্মাক সমিতিত উপসভাপতি, মাজুলীৰ জয়ন্ত হাজৰিকা, তিনিচুকীয়াৰ প্ৰদীপ শইকীয়া, গোলাঘাটৰ গোপাল কৃষ্ণ খাউণ্ড, টীয়কৰ কৃষ্ণপদ কলিতা আৰু শিৱসাগৰৰ সৌৰভ শইকীয়াক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে ।

লগতে অনাগত সময়ত সন্মিলনৰ বিভিন্ন বিষয়বাবসমূহ নিৰ্বাচন কৰি ৪১ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰিব বুলি সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে জানিবলৈ দিছে আৰু এই সন্মিলনখন সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভাওনাপ্ৰেমীৰ সহায় সহযোগ তথা সজ দিহা পৰামৰ্শ আশা কৰিছে (Bhaona Sammelan press meet) ।

লগতে পঢ়ক:Bhaona Samaroh in Barpeta: ঘটোৎকচৰ ৰূপত পদ্ম হাজৰিকাৰ পুত্ৰ

ABOUT THE AUTHOR

...view details