ETV Bharat / state

Bhaona Samaroh in Barpeta: ঘটোৎকচৰ ৰূপত পদ্ম হাজৰিকাৰ পুত্ৰ

author img

By

Published : Jan 29, 2023, 2:10 PM IST

পোনপ্ৰথমবাৰৰ বাবে বৰপেটাত আয়োজিত ভাওনা সমাৰোহত অংশগ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika participate in Bhaona Samaroh in Barpeta) । বৰপেটা সত্ৰৰ সহযোগত শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত শনিবাৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ভাওনা সমাৰোহত পদ্ম হাজৰিকাৰ নেতৃত্বত চতিয়াৰ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষিপামৰ শিল্পীসকলে পৰিৱেশন কৰে কৰ্ণ পৰ্ব ভাওনা ৷

MLA Padma Hazarika participate in Bhaona Samaroh in Barpeta
ঘটোৎকচৰ ৰূপত পদ্ম হাজৰিকাৰ পুত্ৰ

বৰপেটাৰ ভাওনা সমাৰোহত বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ

বৰপেটা, ২৯ জানুৱাৰী: সত্ৰ নগৰী বৰপেটাৰ ভাওনা সমাৰোহত অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika participate in Bhaona Samaroh in Barpeta) ৷ পদ্ম হাজৰিকাৰ নেতৃত্বত চতিয়াৰ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষিপামৰ শিল্পীসকলে পৰিৱেশন কৰিলে কৰ্ণ পৰ্ব ৷ বৰপেটা সত্ৰৰ সহযোগত শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত শনিবাৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ভাওনা সমাৰোহত পদ্ম হাজৰিকাই ব্যস্ততাৰ বাবে নিজে অভিনয় কৰিব নোৱাৰিলেও তেওঁৰ পুত্ৰই কৰ্ণপৰ্ব ভাওনাত ঘটোৎকচৰ ভাও ৰূপায়ণ কৰে বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷

কৰ্ণপৰ্ব ভাওনাৰ পূৰ্বে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, পদ্ম হাজৰিকা, গুণীন্দ্ৰ নাথ দাস, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী সভাত ডাঃ বিৰিঞ্চি কুমাৰ মিশ্ৰই উন্মোচন কৰে এখন স্মৃতিগ্ৰন্থ ৷ ভাওনা সমাৰোহত অংশগ্ৰহণ কৰি পদ্ম হাজৰিকাই নৱপ্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষা প্ৰদানৰ বাবে জামুগুৰিহাটত খোল-বাদ্যৰ লগতে ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা বুলি প্ৰকাশ কৰে ৷

ইফালে কৃষ্টি-সংস্কৃতি ৰক্ষাৰ লগতে কৰ্ম সংস্কৃতিৰে আমি বজাৰ দখল কৰিব লাগিব বুলি মন্তব্য কৰে পদ্ম হাজৰিকাই ৷ উৎপাদনমুখী যাত্ৰাৰে গ্ৰাম্য অৰ্থনীতি সবল কৰি আমি স্ব-নিৰ্ভৰশীল হ'ব লাগিব ৷ আনহাতে কন্যকা বহুমুখী কৃষি পামৰ দৰে বৰপেটাৰ যুৱক যুৱতী সকলকো স্ব-নিৰ্ভৰশীল হোৱাৰ আহ্বান জনাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ লগতে আতাপুৰুষসকলে প্ৰদান কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ সোণসেৰীয়া ঐতিহ্যৰ এক অন্যতম উল্লেখযোগ্য সৃষ্টি হ'ল অংকীয়া ভাওনা (Ankiya Bhaona of Assam) ৷ সেই নাট-ভাওনাৰ সজীৱ-সতেজ ৰূপৰ ধাৰাবাহিকতা বোৱাই অনাৰ প্ৰয়াসেৰে বৰপেটাৰ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত আৰু বৰপেটা সত্ৰৰ সহযোগত ২৮ ৰ পৰা ৩০ জানুৱাৰীলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ (Bhaona Samaroh organised in Barpeta) ৷ নহাটীস্থিত বৰপেটা সত্ৰৰ বাছ আস্থানৰ সমীপত মথুৰাদাস বুঢ়া আতা ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহ ৷

উল্লেখ্য যে, মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনাক জীয়াই ৰখাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু সংস্কৃতিবান লোকে চৰ্চা অব্যাহত ৰাখিছে ৷ শিশু আৰু যুৱ চামৰ মাজতো ভাওনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰি আহিছে বহু অনুুষ্ঠান আৰু ব্যক্তি বিশেষে ৷ অসমৰ নামনি অঞ্চলতকৈ মধ্য আৰু উজনি অঞ্চলত ভাওনাৰ প্ৰয়োভৰ বেছি (Bhaona in upper Assam) ৷

বিভিন্ন বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানত উজনি আৰু মধ্য অসমৰ নামঘৰ-সত্ৰ আদিত ভাওনা অনুষ্ঠিত কৰা হয় ৷ বহু স্থানত ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হয় ৷ ক্ৰমান্বয়ে ভাওনাৰ জনপ্ৰিয়তা নামনি অসমলৈও প্ৰবাহিত হৈছে ৷ তাৰেই উদাহৰণ স্বৰূপে বৰপেটাত প্ৰথমবাৰৰ বাবে ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: Operation against Drugs: অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত নামতোলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.