অসম

assam

Child labour rescued by AATSA: পথ নিৰ্মাণত শিশু শ্ৰমিক নিয়োজনক লৈ উত্তপ্ত মৰিয়নি

By

Published : Dec 5, 2022, 10:36 PM IST

Updated : Dec 5, 2022, 11:04 PM IST

Assam tea tribe students union rescued Child labour in jorhat
Child labour rescued by AATSA: পথ নিৰ্মাণত শিশু শ্ৰমিক নিয়োজনক লৈ উত্তপ্ত পৰিস্থিতি

মৰিয়নি চেলঙৰ পথ নিৰ্মাণত নিয়োজিত শিশু শ্ৰমিকক অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই উদ্ধাৰ কৰে(Child labour rescued in jorhat by AATSA) ৷ 11 জনকৈ শ্ৰমিকক নিয়োজিত কৰা হৈছিল পথ নিৰ্মাণ কাৰ্যত ৷

যোৰহাট, 5 ডিচেম্বৰ: ৰাজ্যত সৰ্বশিক্ষা অভিযানৰ প্ৰচাৰ প্ৰসাৰ অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে শিশু শ্ৰমিকৰ ঘটনা ৷ চেলেং চাহ বাগিছাৰ মাজেদি যোৱা এটা পথ নিৰ্মাণত নিয়োজিত কৰি ৰখা হৈছে শিশু শ্ৰমিকক । ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ চিকিম অৰ্গনিক নামৰ এটা ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰিছে উক্ত পথটো(Child labour rescued in jorhat) ।

ইতিমধ্যে উক্ত ঠিকাদাৰীৰ প্ৰতিষ্ঠানটোৱে পথ নিৰ্মাণত ব্যৱহাৰ তথা নিয়োজিত কৰা শিশু শ্ৰমিকসকলক অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই উদ্ধাৰ কৰিছে(Assam tea tribe students union rescued Child labour in jorhat) । ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ দালাল চক্ৰই কম মজুৰিৰে অধিক শ্ৰম আদায় কৰাৰ স্বাৰ্থত শিশু শ্ৰমিকসকলক পথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তুলিছে আটছাই । বিধায়ক ৰূপজ্যোতিৰ ঘনিষ্ঠ দালাল চক্ৰটোৱে ১১জনতকৈ অধিক শিশুক শ্ৰমত নিয়োগ কৰাৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে (MLA Rupjyoti Kurmi)৷

ইপিনে চেলেং চাহ বাগিছা কৰ্তৃপক্ষৰ অনুমতি অবিহনে পথচোৱা নিৰ্মাণ কৰাত বাগিছা কৰ্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰিছে । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠৰ এক দালাল চক্ৰই পথ নিৰ্মাণকাৰী সংস্থাৰ সৈতে গোপন বুজাবুজিৰে পথ নিৰ্মাণ কাৰ্যত নিয়োগ কৰিছে এই শিশু শ্ৰমিকসকলক ।

পথ নিৰ্মাণত শিশু শ্ৰমিক নিয়োজনক লৈ উত্তপ্ত মৰিয়নি

উল্লেখ্য যে ,শিশুৰ অধিকাৰ, সুৰক্ষা সুন্শ্চিত তথা তদাৰক কৰাৰ স্বাৰ্থত ৰাজ্যত এটা বিয়াগোম বিভাগ আছে আৰু উক্ত শিশু সকলৰ শিক্ষাকে আদি কৰি বিভিন্ন শিতানত খৰচ কৰিব বাবে কোটি কোটি টকাৰ অনুদান ৰাজ্য চৰকাৰলৈ আহে ৷ তথাপিও আজিও ৰাজ্যৰ চুকে-কোণে বিভিন্ন শ্ৰম ক্ষেত্ৰত নিয়োজিত হৈ আছে বহু শিশু শ্ৰমিক ৷ আক্ষেপৰ বিষয় যে এইসকল শিশুৱে নিজ অধিকাৰ, প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ লগতে কোটিটকীয়া সৰ্বশিক্ষা আঁচনিয়েও স্পৰ্শ কৰিব পৰা নাই এইসকল আৰ্থিকভাৱে টনকিয়াল পৰিয়ালৰ সন্তানক ৷

প্ৰকৃততে চৰকাৰী বিয়াগোম বিভাগটোৰ নিৰ্লিপ্ততা, দায়িত্বজ্ঞানহীনতাৰ সুযোগ তুলিবলৈ সক্ষম হৈছে একাংশ দালাল চক্ৰৰ লগতে নিৰ্মাণকাৰী সংস্থা ৷

লগতে পঢ়ক:Rahul Chetry surrendered; ৰাহুল ছেত্ৰীয়ে আত্মসমৰ্পণ নহয় আত্মপ্ৰকাশহে কৰিছে: মানস কোঁৱৰ

Last Updated :Dec 5, 2022, 11:04 PM IST

ABOUT THE AUTHOR

...view details