ETV Bharat / state

সঁচাকৈয়ে আছে নেকি ক’ভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া; জানক GMCH ৰ অধীক্ষকৰ মুখেৰে - GMCH superintendent on Covishield

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:33 PM IST

GMCH superintendent on Covishield: ক’ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত প্ৰকাশিত তথ্যবোৰ সঁচা নে মিছা ? এই সন্দৰ্ভত শেহতীয়াকৈ ওলোৱা বিতৰ্ক সন্দৰ্ভত কি ক’লে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই ৷ শুনক বিশিষ্ট চিকিৎসকগৰাকীৰ মুখেৰে--

Covishield vaccine has very few side effects: GMCH superintendent Abhijit Sarma
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শ (Etv bharat assam)

গুৱাহাটী, 8 মে’: ক’ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে বিষয়টো সন্দৰ্ভ মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই ৷ ৰাইজক আতকিংত নহ'বলৈ আহ্বান জনায় শৰ্মাই কয়, ক’ভিশ্বিল্ড প্ৰতিষেধক সন্দৰ্ভত উলিওৱা খবৰ অৰ্ধ সত্য ৷ প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া খুব কম দেখিবলৈ পোৱা যায় ৷ কিছুমান ভেকচিনত হয় ৷ কিন্তু মই ভাবো মানুহবোৰে চিন্তা কৰিব নালাগে ৷

তেওঁ লগতে কয়, ভাৰতত এই সন্দৰ্ভত যিমানবোৰ অধ্যয়ন হৈছে কোনোটোতেই এই লক্ষণবোৰ দেখা দিয়া নাই ৷ সেইকাৰণে মই আশা কৰো, ক’ভিশ্বিল্ড যিখিনিয়ে লৈছে তেওঁলোকে চিন্তা কৰিব নালাগে ৷ যদিহে উশাহ-নিশাহ লোৱাত সমস্যা অথবা ৰক্তবাহী নলীত তেজ গোটমৰা জাতীয় সমস্যাৰ কোনো লোক সন্মুখীন হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷ অৱশ্যে মই জনাত সামগ্ৰিকভাবে ক’ভিশ্বিল্ড প্ৰতিষেধকৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া নাই ৷"

ইয়াৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীয়ে ক’ভিশ্বিল্ড বাণিজ্যিক কাৰণত বন্ধ হৈছে বুলি অৱগত হোৱা বুলি উল্লেখ কৰি শেহতীয়াকৈ ওলোৱা খবৰৰ সৈতে ক’ভিশ্বিল্ডৰ কোনো সম্পৰ্ক নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । উল্লেখ্য যে, বিশ্বজুৰি ক’ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ আশংকা প্ৰকাশ পোৱাৰ পিচতে বন্ধ কৰি দিয়া হৈছে ক’ভিশ্বিল্ড ভেকচিন ৷ বিশ্ব বজাৰৰ পৰা ক’ভিডৰ প্ৰতিষেধকবিধ প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰা বুলি মঙলবাৰে এষ্ট্ৰাজেনেকা নামৰ বহুজাতিক ঔষধ প্ৰস্তুত আৰু জৈৱ প্ৰযুক্তি কোম্পানীটোৱে ঘোষণা কৰে ।

এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা ক’ভিড-19ৰ প্ৰতিষেধকবিধে ৰক্তবাহী নলীত তেজ গোটমৰা অৱস্থাৰ সৃষ্টি কৰাৰ লগতে প্লেটলেটৰ সংখ্যা কম হোৱাৰ সম্ভাৱনাৰ কথা কোম্পানীটোৱে স্বীকাৰ কৰে ৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা প্ৰতিষেধকবিধ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰে ভাৰতত ক’ভিশ্বিল্ড নামেৰে প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: নপঢ়া-নুশুনাকৈ ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কৈ থকা হৈছে: মুখ্যমন্ত্ৰী - Covishield vaccine side effect

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.