Rahul Chetry surrendered; ৰাহুল ছেত্ৰীয়ে আত্মসমৰ্পণ নহয় আত্মপ্ৰকাশহে কৰিছে: মানস কোঁৱৰ

author img

By

Published : Dec 5, 2022, 4:52 PM IST

Manash Konwar react on Rahul Chetry surrender case

ৰাহুল ছেত্ৰীৰ আত্মসমপৰ্ণৰ পাচতে সৰ্বত্ৰে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ সন্দৰ্ভত এইবাৰ নিজৰ মত প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মানস কোঁৱৰ আৰু জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সমিতি অসমৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে ৷

যোৰহাট, 5 ডিচেম্বৰ : ‘‘ৰাহুল ছেত্ৰীয়ে আত্মসৰ্মপণ কৰা নাই, আত্মপ্ৰকাশহে কৰিছে । ৰেগিংকাণ্ডত ৰাহুল ছেত্ৰীৰ দোষী নে নিৰ্দোষী সেয়া ন্যায়ালয়লত প্ৰমাণ হ’ব ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ঘটনাত (DU ragging incident) তৃতীয় পক্ষ জড়িত আছে ৷’’

সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আত্মসমৰ্পণ কৰাৰ পাচতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মানস কোঁৱৰে (Manash Konwar react on Rahul Chetry surrender case) ৷

ৰাহুল ছেত্ৰীয়ে আত্মসৰ্মপণ নহয় আত্মপ্ৰকাশহে কৰিছে : মানস কোঁৱৰ

লগতে তেওঁ কয়, ‘‘তদন্তৰ খাতিৰতহে ৰাহুল ছেত্ৰীয়ে আৰক্ষীৰ ওচৰত আত্মপ্ৰকাশ কৰিছে (Rahul Chetry surrendered) ৷ আজিৰ সময়ত ৰাহুল ছেত্ৰী গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে ৷ আজিৰ সমাজ ব্যৱস্থাত খলনায়ক সজাই থকা হৈছে ৰাহুলক ৷ কাৰণ এইখন চৰকাৰে দোষী হওক বা নিৰ্দোষী হওক সকলোকে এনকাউন্টাৰ কৰাৰ প্ৰৱণতা পুহি ৰাখিছে ৷ সেয়ে আমাৰ ভয় হয় ৰাহুল ছেত্ৰীকো এনকাউন্টাৰৰ কৰিব নেকি !’’

লগতে পঢ়ক : DU Ragging Update: ৰাহুলক জেৰা চলাবলৈ ডিব্ৰুগড়ত উপস্থিত DIG জিৎমল দলে

আনহাতে, জাতীয় যুৱ বাহিনী কেন্দ্ৰীয় সমিতি অসমৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ লগত এটা জাতীয়তাবাদী সংগঠন জড়িত থকাৰো সন্দেহ ব্যক্ত কৰিছে ৷ কিয়নো লক্ষ্যজ্যোতি গগৈৰ মতে, ৰাহুল ছেত্ৰীক এনকাউন্টাৰ নকৰিবলৈ ৰাজ্যৰ প্ৰশাসনক আহ্বান জনাইছে জাতীয় যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে ৷ এই সংগঠনটোৰ চুপাৰ ছিনিয়ৰসকলে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি আহিছে ৷

ৰাহুল ছেত্ৰীকো এনকাউন্টাৰৰ কৰিব নেকি ! : লক্ষ্যজ্যোতি গগৈ

ইফালে ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণৰ পাচতে আনন্দ শৰ্মাই আত্মীয়ই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ ৰাহুল ছেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে (Parents of Anand Sharma React on surrender of Rahul Chetry) ৷ আনন্দ শৰ্মাৰ দৰে ৰেগিঙৰ ঘটনা যাতে কাৰো লগত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান আনন্দ শৰ্মাৰ মাতৃৰ ৷

তথ্য অনুসৰি, বৰ্তমান পৰ্যন্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ লগত জড়িত ৰাহুল ছেত্ৰীসহ মুঠ 7 জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ৰেগিঙৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি আছে ৷ ঘটনাৰে জড়িত সকলো অভিযুক্তকে তদন্তৰ আঁওতালৈ অনা হ’ব বুলি সদৰী কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে(DU ragging case investigation)৷

লগতে পঢ়ক : DU ragging case : ৰাহুল ছেত্ৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আহ্বান আনন্দ শৰ্মাৰ আত্মীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.