ETV Bharat / state

বৃহস্পতিবাৰে পুৱা ৯ বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল - Assam Higher Secondary Result 2024

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:11 PM IST

HS Result 2024: বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷ পুৱা ৯ বজাত ফলাফল ঘোষণাৰ কথা ঘোষণা শিক্ষামন্ত্ৰীৰ ৷

ASSAM HS RESULT 2024
বৃহস্পতিবাৰে ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল (ETV Bharat Assam)

গুৱাহাটী, ৮ মে’ : বৃহস্পতিবাৰে ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ।

বুধবাৰে সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ ফলাফল ঘোষণাৰ সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা ৭ বজাত ফলাফল সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আনুষ্ঠানিক বিবৃতি দিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । উক্ত বিবৃতিৰ পিচতে পুৱা ৯ বজাত ঘোষণা কৰা হ'ব ফলাফল ।

উল্লেখ্য যে ১০ মে’ৰ পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে পূৰ্বে সদৰী কৰিছিল । লক্ষ্যণীয় বিষয় যে কিছুদিন পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত কোনো দুষ্টচক্ৰই ভুৱা প্ৰচাৰ চলাইছিল । তাৰ পিচতেই শিক্ষামন্ত্ৰী আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

উল্লেখ্য যে এইবাৰ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰী । আনহাতে কলা শাখাত ২,৬,৪৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী আৰু বাণিজ্য শাখাত ১৭,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।

তদুপৰি বৃত্তিমুখী শাখাত ৮৮০ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীণ হৈছিল । ৰাজ্যৰ মুঠ ৮৭৭ টা কেন্দ্ৰত এই গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হৈছিল । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক: আনক সুখী কৰি সুখী হ’ব খোজা এজন যুৱকৰ বিশেষ সফলতাৰ কাহিনী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.