অসম

assam

Asom Sahitya Sabha: নবোদয় বিদ্যালয়ক অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ আহ্বান সাহিত্য সভাৰ

By

Published : Aug 6, 2023, 3:23 PM IST

নবোদয় বিদ্যালয়ৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্তই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসমীয়া ভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ অসম সাহিত্য সভাৰ ৷ হঠকাৰী সিদ্ধান্তক বাতিল কৰি অনতি পলমে উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসমীয়া বিষয়তো অন্তৰ্ভুক্ত কৰাৰ দাবী সাহিত্য সভাৰ ৷

Assam
নবোদয় বিদ্যালয়ৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ আহ্বান সাহিত্য সভাৰ

যোৰহাট,6 আগষ্ট: অসমীয়া ভাষাৰ প্ৰতি ভাবুকি কিয় ! অসমত অসমীয়া ভাষা বিলুপ্তিৰ দিশে নেকি ! এই প্ৰশ্নৰ সচেতন লোকৰ ৷ কাৰণ অসমীয়া ভাষা বিৰোধী একাংশ লোকৰ পাক চক্ৰত পৰি বিদ্যালয়ৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে অসমীয়া মাধ্যমৰ কিতাপ ৷ শেহতীয়াকৈ নবোদয় বিদ্যালয়ৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্তই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

নবোদয় বিদ্যালয়ৰ অসমীয়া ভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাই ৷ অসম সাহিত্য সভাই প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সাম্প্ৰতিক সময়ত সমগ্ৰ ভাৰতবর্ষতে ৰাজ্যসমূহৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে । এই সন্দৰ্ভত ভাৰত চৰকাৰেও মাধ্যমিক শ্ৰেণীত গণিত আৰু বিজ্ঞান বিষয় দুটাত নিজ নিজ ৰাজ্যৰ মাতৃভাষাত অধ্যয়নৰ নীতি প্ৰৱৰ্তন কৰিছে।

এনে সময়ত শোণিতপুৰৰ বাহিৰে অসমৰ অন্য জিলাৰ নবোদয় বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসমীয়া বিষয় অন্তৰ্ভুক্ত নোহোৱাতো অতি দুখৰ বিষয় বুলি কয় অসম সাহিত্য সভাই ৷ শেহতীয়াকৈ নবোদয় বিদ্যালয়সমূহৰ নতুন নিয়োগ নীতি অনুসৰি আধুনিক ভাৰতীয় ভাষা বিষয় স্নাতকোত্তৰ পদ সৃষ্টি কৰা হৈছে আৰু তাৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰ্যায়ত আধুনিক ভাৰতীয় ভাষাসমূহৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে।

যিহেতু অসমৰ এখন জিলাৰ বাহিৰে অন্য নবোদয় বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসমীয়া বিষয়টোৱেই নাই, সেয়ে নতুন নিয়োগ নীতি মতে অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শিক্ষক নিযুক্তিও নহ'ব । ফলত ছাত্ৰ-ছাত্ৰীসকল অসমীয়া ভাষা অধ্যয়নৰ সুযোগৰ পৰা বঞ্চিত হ’ব ।

উল্লেখযোগ্য যে ভাৰতৰ আন ৰাজ্যৰ নবোদয় বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাতৃভাষাত পাঠদানৰ ব্যৱস্থা আছে ৷ অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ নবোদয় বিদ্যালয়সমূহতো উচ্চতৰ মাধ্যমিক পৰ্যায়ত মণিপুৰী ভাষা বিষয় হিচাপে পাঠদান কৰা হয়।

এনে প্ৰেক্ষাপটত অসমৰ নবোদয় বিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসমীয়া ভাষাক শিক্ষাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত নকৰাটো আশ্চৰ্যজনক আৰু চিন্তনীয় বিষয় হৈ পৰিছে । নবোদয় বিদ্যালয়ৰ এনে চিন্তনীয় সিদ্ধান্তক বাতিল কৰি অনতিপলমে উচ্চতৰ মাধ্যমিক পৰ্যায়ত অসমীয়া বিষয়তো অন্তৰ্ভূক্ত কৰাৰ লগতে স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ আহ্বান জনাই অসম সাহিত্য সভাই ৷

লগতে পঢ়ক:ABVP Press Meet: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ভৰ্তি অভিযান, লক্ষ্য 1 লাখ 65 হাজাৰ

ABOUT THE AUTHOR

...view details