ETV Bharat / state

ABVP Press Meet: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ভৰ্তি অভিযান, লক্ষ্য 1 লাখ 65 হাজাৰ

author img

By

Published : Aug 6, 2023, 9:59 AM IST

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে 1 আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিছে সদস্য ভৰ্তি কাৰ্যসূচী । যোৰহাট জিলাতো এ বি ভি পি য়ে আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান ৷ যোৰহাটত তিনি হাজাৰ সদস্য, অসমত 1 লাখৰো আধিক সদস্য ভৰ্তিৰ লক্ষ্য এ বি ভি পিৰ ৷

ABVP Press Meet
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ভৰ্তি অভিযান

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ভৰ্তি অভিযান

যোৰহাট, 6 আগষ্ট: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে 1 আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিছে সদস্য ভৰ্তি কাৰ্যসূচী । সেই দৰে যোৰহাট জিলাতো এ বি ভি পিয়ে আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান । অসমত 1 লাখ 65 হাজাৰ সদস্য ভৰ্তিৰ লক্ষ্য ধার্য কৰা হৈছে । একেদৰে যোৰহাট জিলাত তিনি হাজাৰ সদস্য ভৰ্তিৰ লক্ষ্য ধার্য কৰিছে । ইফালে যোৰহাট জিলাত সদস্যতা প্ৰমুখ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে হৃষিকেশ দত্তক ৷

এই সন্দৰ্ভত শনিবাৰে যোৰহাট প্ৰেছ ক্লাৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আয়োজন কৰে এক সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে ছাত্ৰ সংগঠনৰ জিলা সংযোজক বিশ্বজ্যোতি মহন্তই । ‘‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক সমীক্ষা যোজনা বৈঠকত 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে সমগ্ৰ অসমত সদস্য ভৰ্তি দিন ধার্য কৰা হৈছে । এই অভিযানৰ প্ৰথম স্তৰত 1-7 আগষ্টলৈকে শিক্ষাৰ্থী সকলক অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ সদস্যতা অভিযান চলাই থকা হৈছে । দ্বিতীয় স্তৰত 8-16 আগষ্টলৈকে বিদ্যালয়সমূহত সদস্যতা অভিযান চলোৱা হ’ব । তৃতীয় স্তৰত 17-27 আগষ্টলৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত সদস্য ভৰ্তি অভিযান চলোৱা হ’ব ।’’

সংবাদমেলত বিশ্বজ্যোতি মহন্তই লগতে কয় যে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত আধাৰ হিচাপে লৈ কৰ্মৰত এক ছাত্ৰ সংগঠন । ই প্ৰতিষ্ঠা হৈছিল 1948 চনত । 1949 চনৰ 9 জুলাইত আনুষ্ঠানিকভাৱে পঞ্জীয়ভূত হয় ৷ ৭৫ বছৰ অতিক্ৰম কৰা বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন। দেশৰ স্বাধীনতাৰ পাচতেই ছাত্ৰ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰিবৰ বাবে পৰিষদৰ প্ৰতিষ্ঠা হৈছিল ।

পৰিষদে প্ৰতিষ্ঠা কালৰে পৰা ছাত্ৰ সমাজৰ উত্তৰণৰ বাবে কাম কৰি আহিছে । ই কোনো ৰাজনৈতিক অনুষ্ঠান নহয় । পৰিষদৰ নিজস্ব বিচাৰ আদৰ্শ আছে । পৰিষদে সমাজ, ৰাষ্ট্ৰক সদায় প্ৰাধান্য দি কাম কৰি আহিছে । পৰিষদে কেতিয়াও কোনো নেতা বা ব্যক্তিক প্ৰাধ্যান্য নিদিয়ে ।

লগতে পঢ়ক:Jorhat first flyover: স্বাধীনতা দিৱসৰ পিছদিনাই উন্মোচন হ’ব যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.