ETV Bharat / state

Jorhat first flyover: স্বাধীনতা দিৱসৰ পিছদিনাই উন্মোচন হ’ব যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু

author img

By

Published : Aug 4, 2023, 5:38 PM IST

যোৰহাটৰ প্ৰথমখন উৰণ সেঁতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ । ১৬ আগষ্টত উৰণ সেঁতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Jorhat first flyover
যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু

যোৰহাটৰ প্ৰথমখন উৰণ সেঁতু

যোৰহাট, 4 আগষ্ট : অৱশেষত যোৰহাটবাসীয়ে দেখিবলৈ পাব কেইবাবছৰো ধৰি নিৰ্মাণ কাৰ্য চলি থকা অভাৰ ব্ৰীজখন ৷ অধীৰ আগ্ৰহেৰে ৰৈ থকা যোৰহাটবাসী ৰাইজৰ বাবে শীঘ্ৰেই মুকলি হ’ব যোৰহাটৰ এই প্ৰথম ফ্লাইঅভাৰখন ৷

১৬ আগষ্টত মুকলি কৰা হ’ব যোৰহাট ন আলি সংযোগী উৰণ সেঁতুখন । যোৰহাট মহাত্মা গান্ধী পথত তথা বিদ্যুৎ ভৱনৰ পৰা বঙাল পুখুৰী সংযোগী যোৰহাট ন আলি উৰণ সেঁতুখন যাতায়তৰ বাবে মুকলি কৰি দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

বৰ্তমানে নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণ সেঁতুখনৰ সকলো কাম শেষ কৰিবলৈ যুদ্ধংদেহী তৎপৰতাৰে নামি পৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ ৷ উৰণ সেঁতুখন সুন্দৰ ৰূপত সকলোৰে বাবে আগবঢ়াই দিবলৈ চিত্ৰশিল্পী সকলে সেঁতুখনৰ দেৱালত অংকন কৰিছে বিভিন্ন প্ৰতিচ্ছবি । যোৰহাট ন আলি সংযোগী উৰণ সেঁতুখন সকলোৰে মাজত জাকত জিলিকা কৰি তুলিবলৈ চিত্ৰশিল্লীসকলে অসমীয়া ভাষা সংস্কৃতি তথা ক’লা সংস্কৃতিৰ লগতে ভাৰতীয় সংস্কৃতি প্ৰতিচ্ছবিও তুলি ধৰিছে দেৱালত ।

তাপৰ্য্যপূৰ্ণ যে, তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ বৰ্ষত যোৰহাট ন আলি সংযোগী উৰণ সেঁতুখনৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰায় ৮০০মিটাৰতকৈয়ো অধিক দৈঘ্যৰ উৰণ সেঁতুখনৰ নিৰ্মাণত ব্যয় হ’ল প্ৰায় ৮৭ কোটিৰো অধিক ।

উৰণ সেঁতুখন ৰাইজৰ বাবে মুকলি কৰি দিলে আংশিকভাৱে হ’লেও যোৰহাটত যান-জঁটৰ সমস্যা হ্ৰাস পাব । বৰ্তমান জিলাখনত যোৰহাট চিকিৎসা মহাবিদ্যালয় সংযোগী এখন উৰণ সেঁতুৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ লগতে চিনামৰা সংযোগী আন এখন উৰণ সেঁতুৰ নিবিদা প্ৰক্ৰিয়া শেষ হৈছে ।

লগতে পঢ়ক : Green Revolution in Teok: কমাৰ খাটোৱালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেউজ বিপ্লৱৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.