অসম

assam

AGP foundation in Golaghat: আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱেৰে অসমভূমিত উৰুৱাই ৰখাৰ পণ অগপৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:30 PM IST

জন্মভূমি গোলাঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ল অসম গণ পৰিষদৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰায়সকল তৃণমূল কমী আৰু অগপৰ শীৰ্ষ নেতৃত্ব ৷ শৰীৰিক অসুস্থতাৰ বাবে উপস্থিত নাথাকিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৃন্দাবন গোস্বামী ।

AGP foundation in Golaghat
গোলাঘাটত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাটত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন

যোৰহাট, 10 অক্টোবৰ: ১৪ অক্টোবৰ, ১৯৮৫ চনৰ ৷ অসমৰ সেই ঐতিহাসিক দিনটোত অসম আন্দোলনৰ ফলশ্ৰুতিত জাতীয়তাবাদী ভাৱধাৰাৰে পৰিপূৰ্ণ হৈ গোলাঘাটত জন্ম হৈছিল অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ । অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দলটোৰ জন্মস্থান গোলাঘাটতে ব্যাপকভাৱে আয়োজন কৰা হ'ল । অসম বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকলৰ লগতে অসম আন্দোলনত জড়িত থকা প্ৰত্যকগৰাকী সংগ্ৰামী লোক আৰু শ্বহীদ পৰিয়ালৰ লোক আহি প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে । ফলত পুনৰ ৰাজ্যত জাতীয়তাবাদী কন্ঠ আৰু গুণ-গৰিমাৰে আলোকিত হৈ পৰিল অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপনস্থলী ।

গোলাঘাটৰ সমন্নয় ক্ষেত্ৰত অনুষ্ঠিত কৰা ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত একান্তভাৱে জড়িত হৈ পৰে জাতীয়তাবাদী ভাৱধাৰাৰে পৰিপূৰ্ণ প্ৰায়সকল তৃণমূল কমী আৰু অগপৰ শীৰ্ষ নেতৃত্ব । প্ৰতিষ্ঠা দিৱসৰ অনুস্থানৰ প্ৰথম কাৰ্যসূচীৰূপে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সহিতে দলৰ সকলো নেতা-কৰ্মীয়ে পুৱা ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত চাকি-বন্তি জ্বলাই সেৱা জনাই অগপ দলটো সদায় ৰাইজ আস্থাভাজন হৈ থকাৰ আশাৰে নেদেখাজনৰ ওচৰত আৰ্শীবাদ বিচাৰে । তাৰ পাছত অসম আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধা জনাই শ্বহীদ তৰ্পণ কাৰ্যসূচী আৰু দলৰ সতীৰ্থসকলক সোঁৱৰণ আৰু মুকলি সভাৰ লগতে প্ৰতিষ্ঠাকালৰ কৰ্মী আৰু শ্বহীদ পৰিয়ালৰ লোকসকলক সম্বৰ্ধনা আৰু কৃতজ্ঞতা জনায় ।

আজি প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি অসম গণ পৰিষদ সভাপতি অতুল বৰাই কয় যে ১৪ অক্টোবৰ, ১৯৮৫ চনৰ সেই দিনটোত কিদৰে সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত অগপ দল জন্ম হৈছিল আৰু ওচৰৰ পৰা চোৱাৰ লগতে লাগি-ভাগি দিয়া সেই পুৰণি দিনসমূহৰ কথা সুঁৱৰি আৱেগিক পৰে ৷ উল্লেখ্য যে, আজিৰ অগপ দলৰ সভাপতি অতুল বৰা সেই সময়ত ছাত্ৰ সন্থাৰ মজিয়াত আছিল ।

অতুল বৰাই লগতে কয় যে অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৩৯ খন পতাকাৰ তলত সংঘবদ্ব হৈ ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিকতাবাদী ধ্বজা আৰু পতাকাখন স-গৌৰৱে অসম বুকুত উৰুৱাই ৰাখিব বুলি প্ৰতিজ্ঞাবদ্ধ হয় । আনহাতে ৩৯ সংখ্যা প্ৰতিষ্ঠা দিৱসত শাৰীৰিক অসুস্থতা বাবে অগপৰ প্ৰতিষ্ঠাকালৰ নেতা বৃন্দাবন গোস্বামী আৰু প্ৰফুল্ল কুমাৰ মহন্তই অংশগ্ৰহণ কৰিব নোৱাৰিলে বুলি সভাপতি বৰাই উল্লেখ কৰে ।

আজি ৰাজ্যখনৰ ৯৮ টা বিধান সভা সমষ্টিৰ অগপ সমিতিসমূহৰ উদ্যোগত আৰু জিলা সমিতিৰ উদ্যোগত প্ৰতিখন জিলা সদৰতে বৰ্ণাঢ্য কাৰ্যসূচীৰে দলটোৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । কাৰ্য্যসূচীত দলটোৰ শুভাকাংক্ষী তথা জ্যেষ্ঠ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত দলৰ জ্যেষ্ঠনেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰদীপ হাজৰিকা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, নুৰুল হুছেইন, মনোজ শইকীয়া, পোনাকন বৰুৱা, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহ, উপ-সভাপতি ভৱেন্দ্ৰ নাথ ভৰালী, কুমাৰ দীপক দাস, প্ৰশান্ত কুমাৰ বৰুৱা, জোতিষ দাস, জয়নাথ শৰ্মা, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ড৹ নৃপেন বৰুৱা, ড৹ ৰঞ্জিত ডেকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, প্ৰচাৰ সম্পাদক ড৹ তপন দাস তথা ভাতৃ ভগ্নী সংগঠনৰ সভাপতিসকলক আৰু জিলা সমিতিৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Govt Loan: ঋণৰ পাহাৰ গঢ়া অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ ধামখুমীয়া আৰু পাৰিশ্ৰমিকহীন মডেল ব’হাগী

ABOUT THE AUTHOR

...view details