অসম

assam

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে সত্যৰঞ্জন বৰাই

By

Published : Dec 6, 2020, 10:35 PM IST

এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰব হৈছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ বিদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত সু-সম্পৰ্ক থকা সংস্থাৰ পৰা আজমল ফাউণ্ডেচনলে ধন অহাৰ অভিযোগত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সত্যৰঞ্জন বৰাই ৷

Satyaranjan Barai filed a case against Badaduddin Ajmal
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে সত্যৰঞ্জন বৰাই

হোজাই, 6 ডিচেম্বৰঃ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দেওবাৰে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে হোজাই থানাত ৰুজু কৰিছে এক গোচৰ । ইতিমধ্যে হাজাই থানাত 848/20 নম্বৰত ৰুজু হৈছে এই গোচৰ ।

কটকটীয়া নিৰাপত্তা মাজেৰে আজি হোজাই থানাত উপস্থিত হয় প্ৰায়ে বিৰ্তকত থকা হিন্দুকত্ববাদী নেতা সত্যৰঞ্জন বৰা ৷ থানাত উপস্থিত হৈ বিদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত সুসম্পৰ্ক থকা সংস্থাৰ পৰা আজমল ফাউণ্ডেচনলে ধন অহাৰ অভিযোগত ৰুজু কৰে এই গোচৰ ।

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে সত্যৰঞ্জন বৰাই

জানিব পৰা মতে স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফ আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ ৷ সত্যৰজন বৰাই সাংবাদিকক সম্বোধন কৰি কয়, আজমল CSRৰ দ্বাৰা পৰিচালিত হয় স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফ।

লগতে পঢ়কঃ কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ABOUT THE AUTHOR

...view details