ETV Bharat / state

কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

author img

By

Published : Dec 6, 2020, 6:55 PM IST

আগন্তুক 7 আৰু 10 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ চাৰি জিলাৰ ভোট গ্ৰহণৰ সময়ত আৰু ভোট গণনাৰ দিন 12 ডিচেম্বৰৰ দিনৰ দিনাখন হ’ব পৰা আইন শৃংখলা জনিত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ তৎপৰতা লোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ গৃহ বিভাগৰ এক সূত্ৰই জনোৱা অনসৰি, বিটিচিৰ চাৰিওখন জিলাতে ইতিমধ্যে অতিৰিক্ত পাঁচ হাজাৰ নিৰাপত্তা বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে ।

as_ghy_btc-first-phase-election_img_7209235
কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

গুৱাহাটী, 6 ডিচেম্বৰঃ বহু প্ৰতিক্ষাৰ অন্তত দেওবাৰে অনুষ্ঠিত হ’ব বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ওদালগুৰি আৰু বাক্সা জিলাৰ একৈশটা পৰিষদীয় সমষ্টিত 130 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব 13,64,018 গৰাকী ভোটাৰে ৷ বিগত 17 বছৰে শাসনত থকা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বি পি এফ দলৰ কাৰ্যকালত সংঘটিত ব্যাপক অনিয়ম অনীতিয়ে সাধাৰণ জনতাক অতিষ্ঠ কৰি তোলাৰ পিছত স্বাভাৱিকতেই নিৰ্বাচনী প্ৰেক্ষাপটত পৰিবৰ্তনৰ আকাংক্ষা অনুভুত হৈছে। কিন্তু তাৰ মাজতে বিজেপিয়ে হাগ্ৰামা মহিলাৰীৰ অস্তিত্ব শেষ কৰি দিবলৈ চলোৱা অভিযানে নিৰ্বাচনী পৰিৱেশ আৰু অধিক জটিল কৰি তুলিছে । এনে কাৰণতে ঘনীভূত হৈছে নিৰ্বাচনী হিংসাৰ আশংকা ।

as_ghy_btc-first-phase-election_img_7209235
বিটিচি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা

আগন্তুক 7 আৰু 10 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ চাৰি জিলাৰ ভোট গ্ৰহণৰ সময়ত আৰু ভোট গণনাৰ দিন 12 ডিচেম্বৰৰ দিনৰ দিনাখন হ’ব পৰা আইন শৃংখলা জনিত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ তৎপৰতা লোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ গৃহ বিভাগৰ এক সূত্ৰই জনোৱা অনসৰি, বিটিচিৰ চাৰিওখন জিলাতে ইতিমধ্যে অতিৰিক্ত পাঁচ হাজাৰ নিৰাপত্তা বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে। ভোট কেন্দ্ৰসমূহৰ লগতে চাৰিওখন জিলাত সাজু কৰি তোলা ষ্ট্ৰং ৰুমৰ নিয়মিত সুৰক্ষা ব্যৱস্থাৰ উপৰিও অতিৰিক্ত কৈ মোতায়ন কৰা নিৰাপত্তা বাহিনীৰ লোকে স্পৰ্শকাতৰ অঞ্চল সমূহত পহৰা দিব। ইতিমধ্যে নিৰ্বাচনী আয়োগ আৰু গৃহ বিভাগে স্পৰ্শকাতৰ অঞ্চল সমূহ চিনাক্ত কৰি নিৰাপত্তা বাহিনীৰ জোৱান নিয়োগ কৰিছে।

as_ghy_btc-first-phase-election_img_7209235
বিটিচিত নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য

উল্লেখ্য যে, বিটিচিৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বিগত সপ্তাহত বিটিচি ভ্ৰমন কৰিছিল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন শৃংখলা ) জি পি সিঙৰ নিৰ্দেশ অনুসৰি কেইবাগৰাকীও আৰক্ষী বিষয়াই অঞ্চলটোত বাহৰ পাতিছে ।

as_ghy_btc-first-phase-election_img_7209235
বিটিচিত সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ সভা

লগতে পঢ়ক-বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.