অসম

assam

হোজাই জিলাৰ বান শিবিৰ পৰিদৰ্শন নন্দিতা গাৰ্লোচাৰ

By

Published : Jun 22, 2022, 2:28 PM IST

হোজাইত বানাক্ৰান্তৰ খবৰ ল’লে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ কপিলীৰ বানে তচনচ কৰিছে হোজাই জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ হোজাই জিলাৰ অন্তৰ্গত হোজাই, লংকা আৰু ডবকা তিনিটা ৰাজহ চক্ৰত মুঠ 92 খন গাওঁ জলমগ্ন হৈ আছে (Flood in Hojai)।

Nandita Garlosa visits flood camp in Hojai
হোজাই জিলাৰ বান শিবিৰ পৰিদৰ্শন নন্দিতা গাৰ্লোছাৰ

হোজাই, 22 জুন :হোজাই জিলাৰ বানাক্ৰান্ত লোকসকলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে নন্দিতা গাৰ্লোচাই (Nandita Garlosa visits flood camp in Hojai)। ৰাজ্যৰ আন আন জিলাৰ লগতে হোজাই জিলাতো বছৰটোৰ দ্বিতীয় বানৰ ফলত বানাক্ৰান্ত লোকসকলে বিভিন্ন ঠাইত শিবিৰ পাতি আশ্ৰয় ল’বলগীয়া হৈছে । সাম্প্ৰতিক বানত হোজাই জিলাৰ অন্তৰ্গত হোজাই, লংকা আৰু ডবকা তিনিটা ৰাজহ চক্ৰত মুঠ 92 খন গাঁও জলমগ্ন হৈ আছে ।

উল্লেখ্য যে, বৰ্তমানৰ লৈকে তিনিটা ৰাজহ চক্ৰত মুঠ 48 টা আশ্ৰয় শিবিৰত বানাক্ৰান্ত লোকসকলে আশ্ৰয় লৈছে (Flood in Hojai)। এই আশ্ৰয় শিবিৰত থকা লোক সকলৰ খবৰ ল’বলৈ হোজাই দক্ষিণ গোলাঘটীয়া বস্তিস্থিত নতুনকৈ স্থাপন কৰা ডিমাছা ভৱনত শিবিৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম মন্ত্ৰী সভাৰ নৱনিযুক্ত মন্ত্ৰী নন্দিতা গাৰ্লোচা ।

হোজাই জিলাৰ বান শিবিৰ পৰিদৰ্শন নন্দিতা গাৰ্লোচাৰ

হোজাই কোমোৰাকটা ডিমাছা ভৱনত বানাক্ৰান্ত লোকসকলে আশ্ৰয় লৈ থকা শিবিৰ পৰিদৰ্শনৰ সময়ত লগত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে। মন্ত্ৰী নন্দিতা গাৰ্লোচাই শিবিৰত থকা বানাক্ৰান্ত লোকে খাদ্য তথা চিকিৎসাৰ ব্যৱস্থাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:মাজুলীৰ বান খহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details