অসম

assam

হোজাইত বিষ্ণু ৰাভা দিৱস পালন, নিৰ্মলপ্ৰভা বৰদলৈক স্মৰণ

By

Published : Jun 20, 2022, 7:35 PM IST

প্ৰতি বছৰৰ দৰে এইবাৰো হোজাই জিলাৰ লংকা পৰশুৰাম ছোৱালী হাইস্কুল প্ৰাঙ্গণত আজি বিষ্ণু ৰাভা দিৱসৰ (Bishnu Rabha Divas observes in Hojai) লগতে ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ সোঁৱৰণত আজিৰ দিনটো 'গীত আৰু কবিতাৰ এদিন' হিচাপে

Bishnu Rabha day observes in Hojai
Bishnu Rabha divas

হোজাই, ২০ জুন : আজি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস (Bishnu Prasad Rabha Divas)। সমগ্ৰ ৰাজ্যতে প্ৰতিবছৰে ২০ জুনত পালন কৰা হয় বিষ্ণু ৰাভা দিৱস। এইবাৰ ভয়াৱহ বানত (Flood in Assam) ৰাজ্যবাসী ককবকাই থাকিবলগা হ'লেও তাৰ মাজতেই বিভিন্ন স্থানত স্মৰণ কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক (Bishnu Rabha Divas observed)।

উল্লেখ্য, ১৯৬৯ চনৰ ২০ জুনত জীৱন নাট সামৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। তাৰ পিছৰে পৰাই প্ৰতিবছৰে ৰাজ্যবাসীয়ে এইগৰাকী অসমৰ কলা-সাহিত্য-সংস্কৃতি তথা ৰাজনৈতিক জগতৰ পুৰোধা ব্যক্তিক স্মৰণ কৰি আহিছে।

হোজাইত বিষ্ণু ৰাভা দিৱস পালন, নিৰ্মলপ্ৰভা বৰদলৈক স্মৰণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস (Bishnu Rabha Divas observes in Hojai)। লগতে স্মৰণ কৰি অহা হৈছে নিৰ্মলপ্ৰভা বৰদলৈকো। উল্লেখ্য, ২০০৪ চনৰ ১ জুনত মৃত্যু হৈছিল নিৰ্মলপ্ৰভা বৰদলৈৰ। প্ৰতি বছৰৰ দৰে এইবাৰো হোজাই জিলাৰ লংকা পৰশুৰাম ছোৱালী হাইস্কুল প্ৰাঙ্গণত আজি বিষ্ণু ৰাভা দিৱসৰ লগতে ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ (Dr. Nirmal Prabha Bordoloi) সোঁৱৰণত আজিৰ দিনটো 'গীত আৰু কবিতাৰ এদিন' হিচাপে পালন কৰা হয়।

লংকা লেখিকা সন্থাৰ উদ্যোগত (Lanka Lekhika Santha) এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত লেখিকা সন্থাৰ বিষয়ববীয়া, ছাত্র- ছাত্ৰীৰ উপৰি লংকাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানত কণকণ শিশু তথা ছাত্ৰ-ছাত্ৰীসকলে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডঃ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত বিভিন্ন গীত-মাত পৰিবেশন আৰু কবিতা আবৃত্তি কৰে। লগতে বিষ্ণু ৰাভা আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত নৃত্য পৰিবেশন কৰে।

অৱশ্যে বছৰটোৰ দ্বিতীয়টো বানে সমগ্ৰ ৰাজ্যৰ লগতে লংকাতো ভয়াৱহ ৰূপ ধাৰণ কৰাত এইবাৰ অনুষ্টুপীয়াকৈ এই অনুষ্ঠানৰ আয়োজন কৰা বুলি জনায় লংকা লেখিকা সন্থাৰ সম্পাদিকা চন্দনা ডেকাই। আনহাতে, লংকা লেখিকা সন্থাৰ তৰফৰ পৰা বানপীড়িত লোকসকললৈ সহমৰ্মিতাও প্ৰকাশ কৰে।

লগতে পঢ়ক :শিৱসাগৰত আহোম সেনাৰ ব্যতিক্ৰমী বিষ্ণু ৰাভা দিৱস পালন

ABOUT THE AUTHOR

...view details