অসম

assam

ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠান

By

Published : Mar 14, 2022, 10:06 PM IST

শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত নিৰ্মান কৰা 'ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত' অনুষ্ঠিত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত মন্ত্ৰী পৰিমল শুক্ৰবৈদ্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি(Award ceremony held at Hojai) ৷

Award ceremony held at Dr Bhupen Hazarika Auditorium in Hojai
ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠান

হোজাই, 14 মাৰ্চ :শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত নিৰ্মান কৰা 'ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত' দেওবাৰে অনুষ্ঠিত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠানত বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্ৰবৈদ্য, জেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া(Senior journalist Nitumani Saikia at Hojai),হোজাই আৰু লামডিঙৰ বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু ঘোষ, দক্ষিণ নগাঁও হোজাই বন সংমণ্ডল বিষয়া গুণদীপ দাস,হোজাইৰ অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মৰ উপৰিও কেইবাগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে(Award ceremony held at Dr Bhupen Hazarika Auditorium) ।

ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত সমন্বয় তিথি আৰু বঁটা প্ৰদান অনুষ্ঠান

ক'ভিড পৰিস্থিতিৰ বাবে পলমকৈ অনুষ্ঠানটিত ২০২১ বৰ্ষৰ ডেকাগিৰি বঁটা চাহজনগোষ্ঠীৰ জনপ্ৰিয় ব্যক্তি,কৃতি শিক্ষক,( অৱসৰপ্ৰাপ্ত ) হোজাইৰ তেলীবস্তীৰ গোপাল চাহুলৈ আগবঢোৱা হয়(Award ceremony held at Hojai) । লগতে গোপাল চাহুলৈ এখনি মুগাৰ গামোছা, চেলেঙৰ লগতে এখন শৰাই , এটা স্মাৰক আৰু এখন অনুপ্ৰেৰণা আৰু সত্ৰীয়া পাগুৰিৰে ডেকাগিৰীৰ সন্মান প্ৰদান কৰা হয় । ২০২২ চনৰ সমন্বয় বঁটা ৰতিমোহন নাথলৈ আগবঢোৱাৰ বিপৰীতে এইবৰ্ষৰ পৰা শ্ৰীমন্ত কৃষ্টি বিকাশ কেন্দ্ৰই আগবঢাইছে কেইটিমান বিশেষ বঁটা ।

ইফালে জয়সিংহ স্মাৰক 'বনমিত্ৰ বঁটা ' আগবঢোৱা হয় বনবিষয়া মহেশ নাথক,স্বৰ্গীয় বিষ্ণুৰাম তামূলী স্মাৰক সংবাদৰত্ন বঁটা প্ৰদান কৰা হৈছে লংকাৰ জ্যেষ্ঠ সাংবাদিক তোষেশ্বৰ তামূলী ফুকনক,সুনীল মালাকাৰ স্মাৰক সমাজ হিতেষী বঁটা হোজাইৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ বাগচীক, অতুল ভড়ালীলৈ স্বৰ্গীয় হৰি সিং স্মাৰক সমাজমিত্ৰ বঁটা, ৰেণুকা দেৱা শাস্ত্ৰীলৈ প্ৰগ্যা বঁটা, ভূৱন হাজৰিকালৈ স্বৰ্গীয় মোহন শৰ্মা শিক্ষাপ্ৰদ বঁটা আগবঢোৱা হৈছে ।

ইয়াৰোপৰি, হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথে লিখি উলিওৱা 'অৰণ্যৰ দিনলিপি' উন্মোচন কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ আনহাতে অচ্যুত ঠাকুৰীয়াৰ সম্পাদনাত শ্ৰীমন্ত কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰৱন্ধ সংকলন 'সমন্বয়ৰ ৰূপকাৰ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা' উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই । লগতে 'সমন্বয়ৰ ধ্বজাবাহক ড৹ ভূপেন হাজৰিকা' শীৰ্ষক এক ভাষণ আগবঢাই নিতুমণি শইকীয়াই । চমু বক্তব্য প্ৰদান কৰে বনমন্ত্ৰী পৰিমল শুক্ৰবৈদ্যৰ(Forest Minister Parimal Shukravaidya at Bhupen Hazarika Auditorium) লগতে হোজাই আৰু লামডিং সমষ্টিৰ বিধায়কদ্বয়ে ।

লগতে পঢ়ক :আজিৰে পৰা বিধায়ক হ'ল ভূৱন গাম

ABOUT THE AUTHOR

...view details