হোজাই , 18 মাৰ্চ : হোজাইৰ লংকাত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ( Corruption in road construction) ৷ নিৰ্মাণৰ এমাহ নহওঁতেই চিৰাল ফাঁট মেলিলে লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপলপুখুৰীৰ পৰা লংকা-লামডিং পথ সংযোগী পানাপথ নামেৰে নামকৰণ কৰা পথটোত (Allegation of corruption in road construction in Hojai) ৷
অসম চৰকাৰৰ গড়কপ্তানী বিভাগৰ SOPD(G) আচনীৰ 2018-19 বৰ্ষৰ অধীনত 91 লাখ 62 হাজাৰ 993 টকা ব্যয় কৰি নিৰ্মাণ কৰা এই 1300 মিটাৰৰ পথচোৱা বিগত 20-25 দিন মান সম্পূৰ্ণকৈ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছিল ৷ পিছে নিম্নমানদণ্ডৰ এই পথছোৱা নিৰ্মাণ কৰোতে ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে স্বয়ং পথটো নিৰ্মাণ কৰা ৰাজমিস্ত্ৰিগৰাকীয়েও ৷