অসম

assam

চুঙাজানত নগায়ে নিধন কৰিছে বন্যপ্ৰাণীঃ নিমাত নিৰাপত্তাৰক্ষী

By

Published : Jun 28, 2019, 12:43 PM IST

চুঙাজানত একাংশ নগা লোকৰ হাতত প্ৰতিদিনে প্ৰাণ গৈছে বহু চৰাই আৰু জীৱ-জন্তুৰ । চিআৰপিএফ জোৱানৰ সন্মুখতেই নগাই এনেদৰে হত্যা কৰিছে বন্যপ্ৰাণী ।

চুঙাজানত একাংশ নগাৰ হাতত নিহত বন্যপ্ৰাণী

ধনশিৰি, ২৮ জুন : ধনশিৰি মহকুমাৰ অসম - নাগালেণ্ড সীমান্তৰ চুঙাজানত দীৰ্ঘ দিন ধৰি নিৰপেক্ষ বাহিনীৰ সন্মুখতে নগাৰ হাতত প্ৰাণ গৈছে বন্যপ্ৰাণীৰ । স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, একাংশ নগা লোকে এম. ভি. চাৰিআলিত থকা বৃহৎ বৰগছজোপাত আহি পৰা চৰাই আৰু অন্যান্য জীৱ - জন্তু গুলিয়াই হত্যা কৰি ভক্ষণৰ বাবে লৈ যায় । কিন্তু অঞ্চলটোত থকা নিৰপেক্ষ (কেন্দ্ৰীয় সংৰক্ষিত বাহিনী) ৰ সন্মুখতে হাতত এনেদৰে বন্যপ্ৰাণী চিকাৰ হোৱা কাৰ্যক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চুঙাজানত একাংশ নগাৰ হাতত নিহত বন্যপ্ৰাণী

দিন দুপৰতে চকুৰ সন্মুখত সংঘটিত হোৱা এনে কাৰ্যৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চিআৰপিএফক বাধ্য কৰিবলৈ অসম প্ৰশাসনৰ ওচৰত বিভিন্ন সংগঠনে দাবী উত্থাপন কৰিছে ।

Intro:ধনশিৰি মহকুমাৰ অসম নাগালেণ্ডৰ সীমান্তৰ চুঙাজান অঞ্চলৰ এম. ভি. চাৰিআলিত দীৰ্ঘ দিন ধৰি নিৰপেক্ষ বাহিনীৰ সন্মুখতে নগাই হাতত বন্দুক লৈ বন্যপ্ৰাণী চিকাৰ কৰি অহা কাৰ্য্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি বিভিন্ন বাহনত অহা একাংশ নগা লোকে চুঙাজান এম ভি চাৰিআলিত থকা বৃহৎ আকাৰৰ বৰগছজোপাৰ উপৰিও ঠাইতে থকা অন্যান্য গছ গছনিত জিৰণি লোৱা বিভিন্ন প্ৰজাতিৰ চৰাই তথা অন্যান্য জন্তু গুলিয়াই হত্যা কৰি খাবৰ বাবে লৈ যায় ।Body:উক্ত অঞ্চলটোত থকা নিৰপেক্ষ ( কেন্দ্ৰীয় সংৰক্ষিত বাহিনী ) বাহিনীৰ সন্মুখতে হাতত বন্দুক লৈ নগা লোকে বন্যপ্ৰাণী সংৰক্ষণ আইনৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি নিতৌ বন্যপ্ৰাণী চিকাৰ কৰি অহা কাৰ্যক সহজভাৱে লব পৰা নাই স্থানীয় বিভিন্ন মহলে । দিন দুপৰতে চকুৰ সন্মুখতে নগা লোকৰ এনে কাৰ্যৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সীমান্তৰ আইন শৃংখলাৰ দায়িত্বত থকা চি আৰ পি এফক বাধ্য কৰিবলৈ অসম প্ৰশাসনৰ ওচৰত সীমান্তবাসী আৰু বিভিন্ন সংগঠনে দাবী উত্থাপন কৰিছে
Conclusion:Byte :AASU

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

ABOUT THE AUTHOR

...view details