অসম

assam

Violation of Visa laws: পৰ্যটকৰ ভিছা লৈ ধৰ্মপ্ৰচাৰ কৰা 7 জাৰ্মান পৰ্যটকক জৰিমনা

By

Published : Oct 29, 2022, 6:12 PM IST

পৰ্যটকৰ ভিছা লৈ ভাৰতলৈ অহা ৭ গৰাকী পৰ্যটকে কাজিৰঙাত বাহৰ পাতি ধৰ্মপ্ৰচাৰত লিপ্ত হৈছিল (German tourists allegedly violate visa laws)। আৰক্ষীৰ তদন্তত এই কথা স্পষ্ট হোৱাৰ পিছত আৰক্ষীয়ে জেৰা চলাই পৰ্যটক কেইগৰাকীক । ভিছা আইন উলংঘা কৰাৰ অভিযোগত পৰ্যটক কেইগৰাকীক ৫০০ ডলাৰকৈ জৰিমনা বিহে আৰক্ষীয়ে (German tourists fined for violating visa laws)।

Seven German tourists have been fined
Seven German tourists have been fined

বোকাখাত, 29 অক্টোবৰ: ভিছা আইন ভংগ কৰাৰ অভিযোগত জৰিমনা বিহা হৈছে ৭ জাৰ্মান পৰ্যটকক (German tourists fined for violating visa laws) ৷ পৰ্যটকৰ ভিছা লৈ ভাৰতলৈ অহা ৭ গৰাকী পৰ্যটকে কাজিৰঙাত বাহৰ পাতি ধৰ্মপ্ৰচাৰত লিপ্ত হৈছিল (German tourists allegedly violate visa laws) । আৰক্ষীৰ তদন্তত এই কথা স্পষ্ট হোৱাৰ পিছত আৰক্ষীয়ে জেৰা চলাই পৰ্যটককেইগৰাকীক (Assam police grills German tourists) । এই সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মন্তব্য প্ৰদান কৰিছে ৷

পৰ্যটকৰ ভিছা লৈ ধৰ্মপ্ৰচাৰ কৰা 7 জাৰ্মান পৰ্যটকক জৰিমণা

উল্লেখ্য যে, যোৱা ২৫ অক্টোবৰৰ পৰা কাজিৰঙাৰ এখন ব্যক্তিগত ৰিজ'ৰ্টত বাহৰ পাতি আছিল ৭ গৰাকী জাৰ্মান পৰ্যটকে (German tourists in Kaziranga)। অভিযোগ মতে ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকক সহযোগ কৰিছে টেৰণ উপাধিৰ এজন স্থানীয় লোকে । শুকুৰবাৰে দিনজোৰা জেৰাৰ পিছত ভিছা আইন উলংঘা কৰাৰ অভিযোগত পৰ্যটককেইগৰাকীক ৫০০ ডলাৰকৈ জৰিমনা বিহে আৰক্ষীয়ে ।

লগতে পঢ়ক:German tourist detained : ধৰ্মপ্ৰচাৰৰ অভিযোগত কাজিৰঙাত জাৰ্মান পৰ্যটকক

ইতিমধ্যে, বৈদেশিক মন্ত্ৰণালয়ৰ সহযোগত নিজ দেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় । বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মতে, যোৱা এটা মাহত ভিছা আইন উলংঘা কৰি ধৰ্মপ্ৰচাৰত লিপ্ত হোৱা ২৭ জন বিদেশী লোকক আটক কৰে আৰক্ষীয়ে । ইয়াৰ ভিতৰত বিশ্বনাথত ১৭ জন বাংলাদেশী, নামৰূপত ৩ জন ছুইডেনৰ নাগৰিক, কাজিৰঙাত ৭ জন জাৰ্মান নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে । সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইপিনে ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহৰ পৰা ৪৯,২৪৭০০ টকা উদ্ধাৰ কৰা বিষয় সন্দৰ্ভত মন্তব্য আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ । শুকুৰবাৰে আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল ACS বিষয়া কে কে শৰ্মা (Vigilance and Anti Corruption Assam) ৷ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে চৰকাৰী বিষয়াজন (Corrupted govt employee Assam) ৷

কে কে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযান ৷ এই অভিযানত তেওঁৰ বাসগৃহৰ পৰা জব্দ হয় ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা ৷ শুকুৰবাৰে ৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা ৷ এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ ৷

লগতে পঢ়ক:Corrupted govt employee arrested : উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা

ABOUT THE AUTHOR

...view details