অসম

assam

পিতৃক হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পণ কিশোৰৰ

By

Published : Sep 19, 2019, 3:18 PM IST

পুত্ৰক স্কুললৈ যোৱাত বাধা,দুবাৰ কৈ ঘৰ জ্বলাই দিয়াৰ উপৰিও মাতৃৰ ওপৰত দৈনিক সুৰাপান কৰি মাকক মাৰপিত কৰাৰ বাবেই পিতৃক প্ৰথমে এখন পীৰাৰে মূৰত মৰিয়াই আৰু পাচত দাৰে মূৰত ঘপিয়াই হত্যা কৰে পিতৃক

পিতৃক হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পন কিশোৰৰ

গোলাঘাট,19 চেপ্তেম্বৰঃ গোলাঘাট ধনশিৰি মহকুমাৰ চুঙাজানত লোমহৰ্ষক হত্যাকাণ্ড ৷ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ ৷ চুঙাজানৰ সোণালী পথাৰৰ নিবাসী জান্তো হাজৰিকাক হত্যা কৰিলে 13 বছৰীয়া পুত্ৰই ৷ পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি হত্যা কৰা বুলি মন্তব্য অভিযুক্তৰ ৷ ঘটনা অনুসৰি পুত্ৰক স্কুললৈ যোৱাত বাধা দিয়া, দুবাৰ কৈ ঘৰ জ্বলাই দিয়াৰ উপৰিও দৈনিক সুৰাপান কৰি মাকক মাৰপিত কৰাৰ বাবেই পিতৃক প্ৰথমে এখন পীৰাৰে মূৰত মৰিয়াই আৰু পাচত দাৰে মূৰত ঘপিয়াই হত্যা কৰে ৷

পিতৃক হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পন কিশোৰৰ

তাৰ পাচতে,পিতৃৰ মৃতদেহ এখন বগা কাপোৰে ঘৰৰ চোতালত ঢাকি থৈ চুঙাজান আৰক্ষী থানাত আত্মসমৰ্পণ কৰে কিশোৰজনে ৷ পাচত ঘটনাস্থলীত চুঙাজান থানাৰ আৰক্ষী বিষয়া আৰু ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশৰ উপস্থিত হৈ মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Intro:ধনশিৰি মহকুমাৰ চুঙাজানৰ এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মহকুমা। চুঙাজানৰ সোণালী পথাৰৰ নিবাসী জান্তো হাজৰিকাক ১৩ বছৰীয়া নিজ পুত্ৰই হত্যা কৰিলে নিজ পিতৃক ৷
Body:পিতৃৰ অত‍্যাচাৰ সহ্য কৰিব নোৱাৰি হত্যা কৰিলে নিজ পুত্ৰই ৷ ঘটনাৰ বিবৰণি মতে পুত্ৰ স্কুললৈ যোৱাত বাধা, দুবাৰ কৈ ঘৰ জ্বলাই দিয়াৰ উপৰিও মাতৃৰ ওপৰত দৈনিক সুৰাপান কৰি আহি পিতৃয়ে মাকক মাৰপিত কৰাৰ বাবে নিজ পুত্ৰই পিতৃক প্ৰথমে এখন পীৰাৰে মূৰত মৰিয়াই আৰু পিছত এখন দাৰে মুৰত ঘপিয়াই ঘপিয়াই ১৩ বছৰীয়া নিজ পুত্ৰই হত্যা কৰে লোক জনক ৷ পিতৃক হত্যা কৰি এখন বগা কাপোৰে নিজ পিতৃক ঘৰৰ চোতালত ঢাকি চুঙাজান আৰক্ষী থানাত আত্মসমৰ্পণ কৰে কিশোৰ জনে ৷ পিছত ঘটনাস্থলিত চুঙাজান থানাৰ আৰক্ষী বিষয়া আৰু ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধিশৰ উপস্থিত মৃত ব্যক্তি জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷Conclusion:Byte:- 1/2 পুত্ৰ, পত্নী

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

ABOUT THE AUTHOR

...view details