অসম

assam

অসমৰ পৰা নগালেণ্ড নহয়; এইবাৰ নগালেণ্ডৰ পৰা চুৰি কৰা গাড়ী পালেহি অসম

By

Published : Oct 18, 2021, 5:13 PM IST

inter-state-car-thief-racket-under-custody-of-assam-police
অসমৰ পৰা নগালেণ্ড নহয় এইবাৰ নগালেণ্ডৰ পৰা চুৰি কৰা গাড়ী পালেহি অসম ()

সচৰাচৰ অসমৰ গাড়ী চুৰি কৰি নগালেণ্ডত বিক্ৰী হোৱাৰ সংবাদ প্ৰায়েই লাভ কৰে আপুনি ৷ পিছে, এইবাৰ সংঘটিত হৈছে এক বিপৰীত ঘটনা ৷ নগালেণ্ডৰ পৰা চুৰি কৰি অনা গাড়ী অসমত বিক্ৰী কৰিবলৈ আনি ফান্দত পৰিল চোৰ ৷ কি হ’ল, কেনেকৈ হ’ল ঘটনাৰ সবিশেষ জানো আহক ৷

তিতাবৰ, 18 অক্টোবৰ :মেৰাপানী আৰক্ষীয়ে লাভ কৰিছে এক অভূতপূৰ্ব সফলতা। নগালেণ্ডৰ এটা গাড়ী চুৰি চক্ৰক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে মেৰাপানী আৰক্ষী । সচৰাচৰ অসমৰ পৰা চুৰি কৰা গাড়ীসমূহ নাগালেণ্ডত বিক্ৰী কৰা হয় যদিও, এইবাৰ নগালেণ্ডৰ চুৰি গাড়ী অসমত বিক্ৰী কৰাৰ জাল পেলাইছে আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই ।

দেওবাৰে তেনে এখন চুৰি গাড়ীসহ নগালেণ্ডৰ দুটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে মেৰাপানী আৰক্ষী । ক'হিমাৰ পৰা চুৰি কৰি অনা NL 01-P-0351 নম্বৰৰ এখন মাৰুতি ইক' গাড়ী মেৰাপানী টাউনত বিক্ৰীৰ যো-জা চলাওতেই আৰক্ষীৰ জালত পৰে নগালেণ্ডৰ চোৰ দুটা ।

অসমৰ পৰা নগালেণ্ড নহয় এইবাৰ নগালেণ্ডৰ পৰা চুৰি কৰা গাড়ী পালেহি অসম

চিয়েচিলী হল' আৰু আশীষ ৰায় নামৰ চোৰ দুটাক সোধপোচ কৰাৰ অন্তত পুনৰ গাড়ীচোৰৰ দলটোৰ সৈতে সম্পৰ্ক থকা মেৰাপানীৰে আন দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ।

আটকাধীন আন দটা চোৰ ক্ৰমে মেৰাপানীৰ নাৰায়নপুৰ গাঁৱৰ নিৰেন বৰা আৰু ভেলৌগুৰি গাঁৱৰ ভাইকণ টুডু বুলি জানিব পৰা গৈছে । চোৰকেইটাই প্ৰকাশ কৰা স্বীকাৰোক্তি অনুসৰি, ক'হিমাৰ পপুলাৰ বেকাৰীৰ মালিকানাধীন গাড়ীখন চুৰি কৰি আনি মেৰাপানীত মাত্ৰ ষাঠি হাজাৰ টকাত বিক্ৰীৰ প্ৰস্তুতি চলোৱা হৈছিল ।

সম্প্ৰতি চোৰকেইটাৰ বিৰূদ্ধে মেৰাপানী আৰক্ষী থানাত 115/2021 নম্বৰত এটা গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীক ট্ৰেনজিট পইন্ট হিচাপে ব্যৱহাৰ কৰি এক বৃহৎ গাড়ীচোৰৰ বজাৰ গঢ় লৈ উঠিছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই বৃহৎ আন্তঃ ৰাজ্যিক গাড়ী চুৰি চক্ৰটোক কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগেৰে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ

ABOUT THE AUTHOR

...view details