অসম

assam

গোলাঘাটত ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ

By

Published : Sep 9, 2021, 9:04 PM IST

indian majdur union
গোলাঘাটত ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোলাঘাটত ভাৰতীয় মজদুৰ সংঘ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ । জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

গোলাঘাট, 9 ছেপ্টেম্বৰ :গোলাঘাটত ভাৰতীয় মজদুৰ সংঘ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ভাৰতীয় মজদুৰ সংঘই । প্ৰতিবাদকাৰী সকলে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক, সুলভ মূল্যত কৃষকক সাৰ যোগান ধৰক, পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক, অসম চৰকাৰৰ গ'বেক, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰথমে গোলাঘাটৰ সমন্বয় খেল পথাৰ পৰা এক প্ৰতিবাদী সমদলেৰে উপায়ুক্ত কাৰ্যলয় সমীপত উপস্থিত হৈ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । উক্ত কাৰ্যসূচীত ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি নাৰায়ণ মাহাৰ, সম্পাদক মুকেশ জাল আৰু সংগঠনটোৰ বিষয়-ববীয়া সকলে অংশগ্ৰহণ কৰে ।

গোলাঘাটত ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ

কাৰ্যসূচীৰ আৰম্ভণিতে যোৰহাট নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাত মৃত্যুৰ হোৱা লোকৰ আত্মাৰ শান্তি বাবে মৌনৰ প্ৰাৰ্থনাৰে শোক সন্তপ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে প্ৰতিবাদকাৰী সকলে ।

উল্লেখ্য় যে, সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে দল-সংগঠন সমূহে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰক দাবী জনাই আহিছে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৷ কিন্তু বৰ্তমানেও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে চৰকাৰ ৷ যাৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ এফালে মূল্যবৃদ্ধি আনফালে জনতাৰ আৰ্থিক সংকট ৷ যাৰ বাবে এতিয়া জীৱন-জীৱিকাত সমস্যাই জৰ্জৰিত কৰি তুলিছে ৰাইজক ৷

লগতে পঢ়ক :ভুক্তভোগী যাত্ৰীৰ মুখেৰে শুনক নিমাতীঘাট নাও দুৰ্ঘটনাৰ বিশদ বৰ্ণনা

ABOUT THE AUTHOR

...view details