অসম

assam

হিমন্ত বিশ্ব শৰ্মা দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী

By

Published : Jun 26, 2022, 12:27 PM IST

বোকাখাতত কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰীক কটাক্ষ বিধায়ক অখিল গগৈৰ(Akhil Gogoi slams CM Himanta Biswa Sarma) ৷ অসমক সাহাৰ্য দিয়াৰ পৰিৱৰ্তে চৰকাৰে দুই নম্বৰী ৰাজনীতিবিদ, বিক্ৰী হোৱা ঘোঁৰা কেইজনমানক অসমলৈ পঠিয়াইছে বুলি মন্তব্য বিধায়কগৰাকীৰ (MAHA Political crisis) ৷

Akhil Gogoi slams CM Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মাক দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী আখ্যা

বোকাখাত, 26 জুন :"বিজেপিৰ চৰকাৰখনে অসমক সম্পূৰ্ণৰূপে মাহী আইৰ চকুৰে চাইছে ৷ চৰকাৰে অসমক সাহাৰ্য দিয়াৰ পৰিৱৰ্তে দুই নম্বৰী ৰাজনীতিবিদ, মগজু নোহোৱা, বিক্ৰী হোৱা ঘোঁৰা কেইজনমানক অসমলৈ পঠিয়াইছে (MAHA Political crisis) ৷ দুই নম্বৰী ৰাজনীতিবিদ কেইজন আহিলে অসমত যেতিয়া পৰ্যটক বুলি ক’ব, তেওঁলোকৰ পৰা ৰাজহ অহা বুলি তেতিয়াই বুজি পাব লাগে অসমৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া ৷"

বোকাখাতত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈৰ (Akhil Gogoi slams CM Himanta Biswa Sarma) ৷ বিধায়কগৰাকীয়ে লগতে কয় যে "বিজেপিৰ চৰকাৰৰ সময়ত অসমৰ অৰ্থনীতি চূৰমাৰ কৰিলে ৷ বিজেপিয়ে নৈতিকতাক বিসৰ্জন দিলে ৷ অসমৰ মানুহে ৰেডিশ্বন ব্লুৰ পৰা দুই নম্বৰী বিধায়কবোৰক খেদিব লাগে ৷

হিমন্ত বিশ্ব শৰ্মাক দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী আখ্যা

বিধায়ক গগৈয়ে লগতে কয় যে, অসমৰ মানুহে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব ৷ অসমৰ বানৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ভূমিকা একেই ৷" ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমৰ বানৰ প্ৰকৃত ছবি প্ৰচাৰ কৰাৰ বিপৰীতে ৰেডিশ্বন ব্লুৰ বাতৰি ২৪ ঘন্টাই প্ৰচাৰতহে বেছি গুৰুত্ব দিছে বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:Assam Cabinet: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

ABOUT THE AUTHOR

...view details