অসম

assam

অৱশেষত আটক হ’ল সৰুপথাৰৰ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ চাৰি অভিযুক্ত

By

Published : Aug 21, 2021, 9:00 PM IST

সৰুপথাৰৰ শ্যাম চাৰ্ভিছ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ লগত জড়িত চাৰি যুৱক আটক কৰিলে আৰক্ষীয়ে ৷ প্ৰেটল পাম্পটোৰ পৰা প্ৰায় ২ লাখ টকা লুটি নিয়াৰ লগতে পাম্পটোৰ কৰ্মৰত কৰ্মচাৰীৰ পৰা তিনিটা মোবাইল ফোন কাঢ়ি লৈ গৈছিল ডকাইটৰ দলটোৱে ৷

4 arrested in sarupathar petrol pump robbery case
অৱশেষত আটক হ’ল সৰুপথাৰৰ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ চাৰি অভিযুক্ত

সৰুপথাৰ, 21 আগষ্ট :গোলাঘাট জিলাৰ সৰুপথাৰৰ ইকৰানিত থকা শ্যাম চাৰ্ভিছ নামৰ পেট্ৰল পাম্পত বিগত ১৩ আগষ্টৰ দিনা এক ডকাইটিৰ কাণ্ড সংঘটিত হৈছিল । মটৰ চাইকেলেৰে অহা ৪ জনীয়া এটি যুৱকৰ দলে পিষ্টল দেখুৱাই পাম্পটোত চলাইছিল এই ডকাইটি ৷ প্ৰেটল পাম্পৰ পৰা প্ৰায় ২ লাখ টকা লুটি নিয়াৰ লগতে পাম্পটোৰ কৰ্মৰত কৰ্মচাৰীৰ পৰা তিনিটা মোবাইল ফোন কাঢ়ি লৈ গৈছিল ডকাইটৰ দলটোৱে ।

ইপিনে ধনশিৰি মহকুমাৰ আৰক্ষীয়ে এই ঘটনাৰ পিছতে বিগত কেইদিনত গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলঙ জিলাৰ বিভিন্ন ঠাইত অপৰাধীৰ সন্ধানত অভিযান চলাই আছিল । অৱশেষত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ নেতৃত্বত গোলাঘাট আৰু কাৰ্বি আংলঙ জিলাৰ সীমাৰ নাওঘাট অঞ্চলৰ পৰা উক্ত ডকাইটি কাণ্ডৰ লগত জড়িত ৪ জনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

দুটা পইন্ট টু পিষ্টল আৰু ১০ জাঁই সজীৱ গুলি সহ চাৰিওকে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আটকাধীন ৪ যুৱক ক্ৰমে ৰূপম খাকলাৰী, নৱকান্ত বড়ো, ৰাকেশ ইংতি, কেন তেৰাং বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি, আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি তদন্ত অব্যহত ৰাখিছে বুলি জানিব দিছে ।
লগতে পঢ়ক :দিল্লীত ধৰাষাৰ বৰষুণ; ব্যাহত যান-বাহনৰ চলাচল

ABOUT THE AUTHOR

...view details