অসম

assam

সুৰাৰ বিপনী স্থাপনৰ বিৰুদ্ধে গোৱালপাৰাত প্ৰতিবাদ

By

Published : Jul 6, 2022, 9:11 PM IST

গোৱালপাৰাত সুৰাৰ বিপনী স্থাপনক লৈ উত্তাল প্ৰতিবাদ (Protest over setting up of liquor outlet)। শৈক্ষিক, সামাজিক পৰিৱেশ আৰু নৱপ্ৰজন্মক ধ্বংসকাৰী সুৰাৰ বিপনীৰ বিৰুদ্ধে গৰজি উঠিল আগিয়া-বালিজানাৰ ৰাইজ ।

Public protest against wine shop in Goalpara
Public protest against wine shop in Goalpara

গোৱালপাৰা, 6 জুলাই : গোৱালপাৰাৰ বালিজানা সাপ্তাহিক বজাৰত সুৰাৰ বিপনী স্থাপনকলৈ উত্তাল প্ৰতিবাদ (Protest over setting up of liquor outlet in Goalpara) । সহস্ৰাধিক পুৰুষ-মহিলাই সাব্যস্ত কৰিলে এই প্ৰতিবাদ । শৈক্ষিক, সামাজিক পৰিবেশ আৰু নৱপ্ৰজন্মক ধ্বংসকাৰী সুৰাৰ বিপনীৰ বিৰুদ্ধে গৰজি উঠিল আগিয়া-বালিজানাৰ ৰাইজ ।

সুৰাৰ বিপনী স্থাপনৰ বিৰুদ্ধে গোৱালপাৰাত প্ৰতিবাদ

বৰপেটাৰ দিলীপ হুছেইন নামৰ লোকজনে আগিয়া-বালিজানাৰ কেইজনমান মুধাফুটা ৰাজনৈতিক নেতাৰ ছত্ৰছাঁয়াত সুৰাৰ বিপনী খোলাৰ বাবে ইতিমধ্যে বালিজানা সাপ্তাহিক বজাৰৰ গাতে লাগি থকা প্ৰস্তাৱিত গণবিনা বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰিছে গৃহ (Setting up of liquor outlet in forest land)।

সুৰাৰ বিপনী খোলাৰ বাবে গৃহ নিৰ্মাণ কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰিছে আগিয়া-বালিজানাৰ ৰাইজ । জিলাখনৰ আৱকাৰী বিভাগে বনাঞ্চলৰ ভূমিত সুৰাৰ বিপনী নিৰ্মাণ কৰা আৰু ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদি দিলীপ হুচেইনৰ যাৱতীয় কাম-কাজত সহযোগ কৰাৰো অভিযোগ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবীত যোৰহাটত AJYCPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details