অসম

assam

ৰাহুল গান্ধী অবিবাহিত বাবেহে তেওঁ অসমলৈ আহিলে ভিৰ হ’ব: আজমল

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 9:44 PM IST

MP Badruddin Ajmal: ৰাহুল গান্ধী অসমলৈ আহিলে তেওঁক চাবলৈ বহুত ছোৱালী যাব ৷ কাৰণ ৰাহুল গান্ধী অবিবাহিত ৷ কোনো ছোৱালীক যদি ৰাহুল গান্ধীয়ে পছন্দ কৰে, তেন্তে সেই ছোৱালীৰ জীৱল সফল হৈ যাব ৷ কিন্তু কোনেও কংগ্ৰেছক ভোট নিদিয়ে ৷ এই মন্তব্য বদৰুদ্দিন আজমলৰ ৷

Bharat Jodo Nyay Yatra
ভাৰত জোড়ো ন্য়ায় যাত্ৰা

ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ সন্দৰ্ভত বদৰুদ্দিন আজমল

গোৱালপাৰা, 9 জানুৱাৰী: ৰাহুল গান্ধী অসমলৈ আহিব দীঘলীয়া সময় লৈ ৷ বদৰুদ্দিন আজমলে কৈছে যে তেওঁ আহিলে মানুহ বহুত গোট খাব ৷ কাৰণ ৰাহুল গান্ধীয়ে এতিয়ালৈকে বিয়া কৰোৱা নাই, সেয়েহে ছোৱালীসকলো তেওঁৰ ওচৰলৈ যাব ৷ ৰাহুল গান্ধীয়ে যি ছোৱালীক পচন্দ কৰিব, তেওঁৰ জীৱন সফল হৈ যাব ৷

ৰাহুল গান্ধী নেহৰুৰ বংশৰ ৰাজকুমাৰ, গতিকে তেওঁক অসমলৈ স্বাগতম জনাইছে সাংসদ বদৰুদ্দিন আজমলে ৷ ৰাহুল গান্ধী আহিলে তেওঁক চাবলৈ ভিৰ বহুত হ’ব, কিন্তু ভোট কোনেও নিদিয়ে বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ লোকসভাত পূৰ্বৰ আসনকেইখনহে পুনৰ পাব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনক লৈ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলেও নিৰ্বাচনী ৰণডংকা বজাইছে সমষ্টিটোত । ধুবুৰী লোকসভা সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে বদৰুদ্দিন আজমল । মঙলবাৰে সাংসদগৰাকীয়ে গোৱালপাৰাত সাংবাদিকৰ আগত কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীক কটাক্ষ কৰি কয় যে ৰাহুল গান্ধী ভাৰতবৰ্ষত এতিয়ালৈ ইমান ডাঙৰ ৰাজনীতিবিদ হোৱা নাই যে বদৰুদ্দিন আজমলৰ দৰে এজন নেতাক টক্কৰ দিব পাৰিব ।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি কয় যে যেতিয়ালৈকে বিজেপি শাসনত থাকিব তেতিয়ালৈকে দেশত ন্যায় নহয় ৷ আনহাতে ৰাহুল গান্ধী অসমলৈ অসমলৈ স্বাগতম জনাই বদৰুদ্দিন আজমলে কয় যে ৰাহুল গান্ধীৰ মাতৃৰ লগত তেওঁ প্ৰায় 20 বছৰ ধৰি তেওঁৰ ভাল সম্পৰ্ক ৷ দুদিন বেছিকৈয়ে ৰাহুল গান্ধী অসমত থাকক বুলি কৈ সাংসদ আজমলে কয় যে প্ৰয়োজন হ’লে তেওঁ নিজৰ ঘৰো খালী কৰি দিব ৰাহুল গান্ধীৰ বাবে ৷

ইফালে কংগ্ৰেছে নিজকে অসমত বাঘ হৈ থকা বুলি কৰা মন্তব্যৰ প্ৰসংগত বদৰুদ্দিন আজমলে কয় যে কংগ্ৰেছ বাঘ নহয়, শিয়াল হৈহে আছে ৷

লগতে পঢ়ক:আকৌ খহনীয়াৰ ইংগিত ! বিজেপি-অগপলৈ যাব ৩ কংগ্ৰেছী নেতা

ABOUT THE AUTHOR

...view details