ETV Bharat / state

আকৌ খহনীয়াৰ ইংগিত ! বিজেপি-অগপলৈ যাব ৩ কংগ্ৰেছী নেতা

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 8:59 PM IST

Assam Congress: যো-জা চলিছে তিনিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ কংগ্ৰেছ ত্যাগৰ ৷ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, শংকৰ প্ৰসাদ ৰায় আৰু কুলদীপ বৰুৱাই কংগ্ৰেছ ত্যাগৰ বাবে সাজু হোৱাৰ খবৰে তোলপাৰ লগাইছে ৰাজ্য ৷ খবৰৰ আঁত ধৰি শংকৰ প্ৰসাদ ৰায়ৰ সৈতে EXCLUSIVE টেলিফোনিক সাক্ষাৎকাৰ ইটিভ ভাৰতৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ...

Shankar Prasad Ray
কংগ্ৰেছ নেতাৰ শংকৰ প্ৰসাদ ৰায়

কংগ্ৰেছ নেতাৰ শংকৰ প্ৰসাদ ৰায়ৰ সৈতে টেলিফোনিক সাক্ষাৎকাৰ

গুৱাহাটী, ৯ জানুৱাৰী : এফালে ৰাহুল গান্ধীৰ অসমত ৮ দিনীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ ৷ আনহাতে তিনিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ কংগ্ৰেছ ত্যাগৰ যো-জা চলিছে ৷ এই খবৰে তোলপাৰ লগাইছে ৰাজ্যত ৷

কংগ্ৰেছ ত্যাগ কৰিবলৈ যো-জা চলাইছে তিনি জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, শংকৰ প্ৰসাদ ৰায় আৰু কুলদীপ বৰুৱাই । ৰাজনৈতিক মহলৰ খবৰ মতে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই অসম গণ পৰিষদৰ সৈতে যোগাযোগ কৰিছে । শীঘ্ৰেই হয়তো অগপত যোগদান কৰিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷

ভট্টাচাৰ্যই নিজেই সামাজিক মাধ্যম Xত ইতিমধ্যে উল্লেখ কৰিছে যে টালি-টোপোলা বান্ধিবলৈ সাজু তেওঁ ৷ কংগ্ৰেছৰ অসম প্ৰদেশ কমিটিৰ নিৰ্বাচন সমিতিৰ এখন তালিকা প্ৰকাশ পোৱাৰ পিচতে এই প্ৰতিক্ৰিয়া প্ৰকাশ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ । উল্লেখযোগ্য যে তালিকাখনত নাম নাছিল ভট্টাচাৰ্যৰ ৷

অগপৰ তৰফৰ পৰাও অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দলটোত যোগদান কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে ৷ আনহাতে, বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰাৰ বাবে প্ৰস্তুতি চলাইছে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰয়ে কংগ্ৰেছ দলত যোগদান কৰি দুবাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল ।

ই টিভি ভাৰতৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে হোৱা বাৰ্তালাপত শংকৰ প্ৰসাদ ৰয়ে এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বৰ্তমানলৈকে বিজেপিত যোগদানৰ কথা চূড়ান্ত হোৱা নাই । লগতে তেওঁ উল্লেখ কৰে যে লুৰীণজ্যোতি গগৈয়েও তেওঁক অজাপত যোগদান কৰি একেলগে কাম কৰাৰ বাবে আহ্বান জনাইছে ৷ আনহাতে আপ, অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে আপত যোগদান কৰিবলৈ শংকৰ প্ৰসাদ ৰায়ক আহ্বান জনাইছে ৷ প্ৰয়োজনত আপ, অসমৰ সভাপতিৰ দায়িত্ব আগবঢ়াবলৈয়ো সাজু ভৱেন চৌধুৰী । এই কথা জানিবলৈ দিছে শংকৰ প্ৰসাদ ৰায়ে ৷

কংগ্ৰেছ দলটোৰ ভিতৰ চ’ৰাৰ শেহতীয়া কিছু কাম-কাজক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰিছে শংকৰ প্ৰসাদ ৰায়ে৷ তেওঁ কয় যে অসমৰ বিৰোধী ১৫ টা ৰাজনৈতিক দলৰ সভা উজনি অসমত পাতিব লাগিছিল কংগ্ৰেছে৷ কিন্তু এয়া চাপৰৰ পৰা আৰম্ভ কৰা প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰিছে শংকৰ প্ৰসাদ ৰায়ে ৷

ই টিভি ভাৰতৰে হোৱা কথা-বতৰাৰ পৰা এটা কথা ধাৰণা কৰিব পাৰি যে সোনকালেই কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈছে শংকৰ প্ৰসাদ ৰায় । ইফালে, ছিপাঝাৰ সমষ্টিত ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচন খেলিছিল কুলদীপ বৰুৱাই ৷ বৰুৱায়ো কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ বাবে প্ৰস্তুতি চলাইছে ৷

কুলদীপ বৰুৱাই আনকি যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চিপৰাং ৰাজনীতিৰ বাবেই নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগা হোৱা বুলিও মুকলি বিষোদগাৰ কৰা দেখা গৈছে । কাজেই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ পৰা এই তিনি নেতাৰ কংগ্ৰেছক বিদায় দি বিজেপি আৰু অগপত যোগদান কৰিবলৈ সাজু হোৱা বাতৰিয়ে নামনি অসমৰ কংগ্ৰেছত যে কিছু প্ৰভাৱ পেলাব সেয়া নিশ্চিত ৷

লগতে পঢ়ক: কা আন্দোলনৰ পৰা লোকসভা নিৰ্বাচন ২০২৪ লৈ: সাংসদ আব্দুল খালেকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.