অসম

assam

Land Dispute case: পিতা পুত্ৰৰ হত্যাকাৰীৰ বাসগৃহ জ্বলালে দুৰ্বৃত্তই; ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি

By

Published : Apr 30, 2023, 10:41 PM IST

পিতা-পুত্ৰক হত্যাৰ অভিযুক্ত সন্তেষ আলীৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷ এই অগ্নিকাণ্ডত তিনিটাকৈ বাসগৃহ জ্বলি ভস্মীভূত হোৱাৰ লগতে সা-সম্পতিও জুইত জাহ যায় (Fire break out at murder Accused house)৷

Fire break out at murder Accused house
পিতা-পুত্ৰ হত্যাকাৰীৰ বাসগৃহ জ্বলালে দুৰ্বৃত্তই

পিতা-পুত্ৰ হত্যাকাৰীৰ বাসগৃহ জ্বলালে দুৰ্বৃত্তই

গোৱালপাৰা, 30 এপ্ৰিল :গোৱালপাৰাৰ ভূমিকেন্দ্ৰিক সংঘাতৰ নতুন মোৰ (Land Dispute case) ৷ পিতা-পুত্ৰ হত্যাকাৰী সন্তেষ আলীৰ বাসগৃহত অগ্নিসংযোগ কৰিলে কোনো দুৰ্বৃত্তই (Accused house burnt by miscreant) ৷ তিনিটাকৈ ঘৰ ভস্মীভূত হোৱাৰ লগতে জাহ গ’ল মূল্যৱান সম্পত্তি ৷

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ হাতীমূৰা গাঁৱত 29 এপ্ৰিলত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডৰ ঘটনা (Fire break out at murder Accused house)। ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ ফলত অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল দুই পিতা-পুত্ৰ ক্ৰমে আনোৱাৰ হুছেইন আৰু ৰাহুল আমিনে (land dispute clash turn into horror) ।

এই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল একেখন গাঁৱৰে সন্তেষ আলী নামৰ এগৰাকী ব্যক্তি । ইয়াৰোপৰি এই সংঘাতত প্ৰায় 6 গৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে (6 injured in land dispute case) ৷

ইয়াৰ পিচতে, দেওবাৰে অৰ্থাৎ 30 এপ্ৰিলত হত্যাকাণ্ডৰ মূল অভিযুক্ত সন্তেষ আলীৰ বাসগৃহত দুপৰীয়া হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । পলকতে ভয়ংকৰ জুইয়ে ছানি ধৰি কেইবাটাও বাসগৃহ ভস্মীভূত হয় । পিচে হঠাৎ এই জুই কেনেকৈ সংঘটিত হ’ল এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি চৌদিশে বিৰাজ কৰিছে এক আতংকময় পৰিৱেশ (Father Son death in land dispute case)।

ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লক্ষীপুৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ আৰক্ষী আৰু জুই নিৰ্বাপক বাহিনীৰ দল। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ অহৰহ চেষ্টাৰ ফলত জুই নুমুৱাবলৈ সক্ষম হয় যদিও তিনিটাকৈ বাসগৃহ জুইত সম্পূৰ্ণৰূপে জাহ যায়।

ইফালে পিতা-পুত্ৰ হত্যাকাৰী সন্তেষ আলীক এতিয়াও কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে স্থানীয় ৰাইজে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকাই জনোৱা অনুসৰি হত্যাকাৰীৰ সন্তেষ আলীক বৰ্তমানেও গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও ঘটনাৰ অনুসন্ধান আৰক্ষীয়ে কৰি আছে ৷ অতি শীঘ্ৰেই পিতা-পুত্ৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ’ব ।

সম্প্ৰতি হত্যাকাৰী সন্তেষ আলীৰ বাসগৃহত কেনেকৈ অগ্নিৰ সূত্ৰপাত ঘটিল তাৰ তদন্তৰ বাবে ঘটনাস্থলীত জলেশ্বৰ থানা আৰু লক্ষীপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Land Dispute case: ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ হেৰুৱালে পিতা পুত্ৰই

ABOUT THE AUTHOR

...view details