অসম

assam

TMC slams SEBA : ছেবাৰ বিৰুদ্ধে সোচ্ছাৰ তৃণমূল কংগ্ৰেছ

By

Published : Mar 2, 2023, 9:31 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল কৰা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ চৰকাৰৰ সিদ্ধান্তক লৈ সৰৱ তৃণমূল কংগ্ৰেছ (TMC on school accreditation cancel decision)। সংবাদমেলযোগে চৰকাৰক তীব্ৰ সমালোচনা টিএমচিৰ । ডিমা হাছাও জিলাত নিযুক্তি কেলেংকাৰীৰ অভিযোগ দলটোৰ ।

TMC slams SEBA
ছেবাৰ বিৰুদ্ধে সোচ্ছাৰ তৃণমূল কংগ্ৰেছ

ছেবাৰ বিৰুদ্ধে সোচ্ছাৰ তৃণমূল কংগ্ৰেছ

হাফলং, ২ মাৰ্চ :হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতিকৈ শোচনীয় ফলাফল কৰা ৰাজ্যৰ ১০৫ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ সিদ্ধান্তক লৈ উত্তাল ৰাজ্য । ৰাজ্যৰ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ এই সিদ্ধান্তক বিভিন্ন দল-সংগঠনে তীব্ৰ সমালোচনা কৰিছে । এই সিদ্ধান্তক লৈ সৰৱ হৈ উঠিছে তৃণমূল কংগ্ৰেছ (TMC on school accreditation cancel decision)। বৃহস্পতিবাৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ হাফলং সদৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলটোৱে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ জিলা সম্পাদক চেথমিনথাং খংচাইয়ে বৰ্তমান বিজেপি চৰকাৰক ইয়াৰ বাবে দায়ী কৰি কয় বৰ্তমান বিজেপি চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰ সৰ্ব কৰিব বিচাৰিছে । ইয়াৰ উপৰিও বিজেপি চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ ঠেলি দিব বিচাৰিছে বুলিও অভিযোগ কৰে (Haflong TMC slams BJP)।

সংবাদমেলত চেথমিনথাং খংচাইয়ে কয় যে ৰাজ্যত ১০৫ খন হাইস্কুলৰ স্বীকৃতি বাতিল কৰাৰ ভিতৰত ডিমা হাছাও জিলাত আছে চাৰিখন বিদ্যালয় । এই চাৰিখন বিদ্যালয়ৰ মাজতে মাহুৰৰ তিনিখন বিদ্যালয় আৰু মাইবাং মহকুমাৰ এখন বিদ্যালয় । তেওঁ কয় যে এই চাৰিখন বিদ্যালয়ৰ ভিতৰত মাহুৰৰ তিনিখন বিদ্যালয় হৈছে ক্ৰমে বৰ ওয়াপু হাইস্কুল, বীৰ ডিমালিক মেমোৰিয়েল হাইস্কুল, ভংগযোৱাল হাইস্কুল আৰু মাইবাং মহকুমাৰ ক্ষেপৰে অঞ্চলৰ লাইজাব হাইস্কুল ।

নেতাগৰাকীয়ে অভিযোগ কৰা মতে এই চাৰিখন বিদ্যালয় প্ৰত্যন্ত এলেকাত হোৱাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব (School accreditation cancel in Dima Hasao)। কিয়নো এনে প্ৰত্যন্ত এলেকাৰ পৰা মাহুৰ আৰু মাইবাঙত আহি শিক্ষা গ্ৰহণ বহুতৰ বাবে সম্ভৱ নহয় । যাৰ বাবে ছেবাই যিসমূহ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছে সেয়া পুনৰ বিবেচনা কৰি সেই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ।

সংবাদমেলত ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ জিলা সম্পাদকগৰাকীয়ে অভিযোগ কৰি কয় যে বিজেপি চৰকাৰৰ দিনত শিক্ষাখণ্ডত ব্যাপক কেলেংকাৰী হৈছে । তেওঁৰ অভিযোগ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ নামত অহা টকা বিদ্যালয় পৰিচালনা কমিটিৰ একাউন্টত সোমোৱাৰ লগে লগে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্যৰ লোক বুলি পৰিচয় দিয়া একাংশই টকাবোৰ উঠাই দিয়াৰ বাবে হেঁচা দিয়ে । আনকি পৰিচালনা কমিটিয়ে টকা উঠাই দিবলৈ বাধ্য হয় । ফলস্বৰূপে বিদ্যালয়ৰ উন্নয়নত বাধাৰ সৃষ্টি হয় বুলি তেওঁ অভিযোগ কৰে (Education department scam)।

নেতাগৰাকীয়ে অভিযোগ কৰা মতে এতিয়া সকলো ক্ষেত্ৰতে গুণ্ডাৰাজ চলি আছে । ইয়াৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা ইএম আৰু চিইএম জবাবদিহি হ'ব লাগিব বুলিও তেওঁ হুংকাৰ দিয়ে । চেথমিনথাং খংচাইয়ে নিবনুৱা সমস্যা সন্দৰ্ভত কয় যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে লাখ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিব । কিন্তু বিভিন্ন চৰকাৰী বিভাগত ৰাজনৈতিক নিযুক্তি হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মেধাৰ ভিত্তিত ডিমা হাছাও জিলাত এটা নিযুক্তি হোৱা নাই (Recruitment scam in Dima Hasao forest department)।

সম্প্ৰতি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য জয়ছিং দুৰঙয়ে সংবাদমেলত মন্তব্য কৰিছিল যে বন বিভাগৰ চতুৰ্থ বৰ্গৰ এটা পদত গোবিনচন মিলিক নামৰ এগৰাকী যুৱকক নিযুক্তি দিছিল । চেথমিনথাং খংচাইয়ে কয় যে জয়ছিং দুৰঙ কোনো চৰকাৰী বিষয়া নহয় তেনেহ'লে তেওঁ কেনেকৈ এই যুৱকক নিযুক্তি দিলে বন বিভাগত ? এই প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বন বিভাগৰ এই চতুৰ্থ বৰ্গৰ পদত মেধাৰ ভিত্তিত নিযুক্তি হোৱা নাই । সেয়ে এই ক্ষেত্ৰত তদন্তৰো দাবী জনাই তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক :Assam Physiocon 2023 : দুদিনীয়া কাৰ্যসূচীৰে অসম ফিজিঅ’কন ২০২৩ ৰ আয়োজন

ABOUT THE AUTHOR

...view details