অসম

assam

ডিমা হাছাওৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ

By

Published : May 22, 2022, 1:27 PM IST

ডিমা হাছাও জিলাৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । বান আৰু ভূমিস্খলনৰ পাছত এতিয়াও বহু স্থানৰ সৈতে যোগাযোগ বিচ্ছিন্ন (Flood and landslide in Dima Hasao)। অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰে ক্ষতিগ্ৰস্ত অঞ্চল । দুৰ্গতসকলক সাহায্য প্ৰদানৰ দাবী তৃণমূল কংগ্ৰেছৰ ।

TMC
হাফলঙত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দল

ডিমা হাছাও,২২মে' :ডিমা হাছাও জিলাত প্ৰকৃতিৰ তাণ্ডৱ হয়টো আপোনালোক সকলোৱে দেখিছে । বান আৰু ভূমিস্খলনে একপ্ৰকাৰ ধ্বংসস্তুপ পৰিণত কৰিছে জিলাখনৰ বিভিন্ন অংশক (Flood and landslide in Dima Hasao)। ইয়াৰ পাছৰ পৰিৱেশ আৰু ভয়াৱহ হ'বলৈ আৰম্ভ কৰিছে । সম্প্ৰতি অপৰিৱৰ্তিত হৈয়ে আছে ডিমা হাছাও জিলাৰ পৰিস্থিতি ।

জিলাখনৰ সদৰ হাফলঙৰ সৈতে বাকী অংশৰ যোগাযোগ এতিয়াও বিচ্ছিন্ন হৈয়ে আছে (Dima Hasao still disrupts communication with many places)। কেৱল হাফলং আৰু গুৱাহাটীৰ মাজৰ যোগাযোগ ব্যৱস্থাহে সুচল হৈ উঠিছে । এতিয়াও বন্ধ হৈ আছে ৰে'ল সেৱা । ভূমিস্খলন আৰু বানে ধ্বংস কৰা কেইবাটাও মূল পথত এতিয়াও যান-বাহনৰ চলাচল আৰম্ভ হোৱা নাই ।

বন্ধ হৈ আছে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু হাফলং-দিয়ুংমুখ-উমৰাংচু আৰু লংকা ৰাজ্যিক ঘাইপথ । ইফালে ডিমা হাছাও জিলাৰ ভয়ংকৰ ভূমিস্খলন আৰু বানৰ কৱলত পৰি প্ৰায় ১৫ হাজাৰ লোক গৃহহীন হৈ পৰিছে । যাৰ বাবে তেওঁলোকে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে । অৱশ্যে চৰকাৰৰ ফালৰ পৰা লোকসকলক সকলো সাহায্য আৰু খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ।

হাফলঙৰ লগতে পাহাৰীয়া জিলাখনৰ যিসমূহ অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে সেই অঞ্চলসমূহত খাদ্য সামগ্ৰী বিতৰণৰ বাবে বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে । ইয়াৰ মাজতে ডিমা হাছাও জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'বলৈ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশত চিত্তৰঞ্জন পালৰ নেতৃত্বত তিনিজনীয়া প্ৰতিনিধিৰ এটা দল ডিমা হাছাও জিলাত উপস্থিত হৈছে (TMC delegation visits Haflong)।

আশ্ৰয় শিবিৰ পৰিদৰ্শন

প্ৰতিনিধি দলটোৱে ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে । ইয়াৰোপৰি হাফলঙৰ সমীপৰ হকাইপুনজি গাঁৱত উপস্থিত হৈ ভূমিস্খলনত মৃত্যু হোৱা তিনিগৰাকী ব্যক্তিৰ পৰিয়ালক সাক্ষাৎ কৰে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে । দলৰ ফালৰ পৰা তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে প্ৰতিনিধি দলৰ নেতাসকলে ।

প্ৰতিনিধি দলটোৱে বিভিন্ন আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰে আৰু জিলাখনৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী জনায় । ইয়াৰ মাজতে স্থানীয় বিধায়িকা নন্দিতা গাৰ্লোচাইও হাফলঙৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে । ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰীভাৱে সকলো সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়িকাগৰাকীয়ে ।

লগতে পঢ়ক :ৰহাত বানাক্ৰান্তৰ কাষত নগাঁও অনুসূচিত জাতিৰ কেইবাটিও জাতীয় সংগঠন

ABOUT THE AUTHOR

...view details