ৰহাত বানাক্ৰান্তৰ কাষত নগাঁও অনুসূচিত জাতিৰ কেইবাটিও জাতীয় সংগঠন

By

Published : May 21, 2022, 8:27 PM IST

thumbnail

ৰাজ্যৰ চৌদিশে বানৰ ভয়াবহ ৰূপ(Flood in Assam) । বানৰ কবলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল(Vast areas of Nagaon affected by floods) । জিলাখনৰ কামপুৰ, কঠিয়াতলি, ঘাঁহি, দক্ষিণপাট, বৰকলা, ৰহাকে ধৰি বৃহৎ অঞ্চলত বানৰ ফলত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । এই বানাক্ৰান্ত অঞ্চলৰ সাধাৰণ জনতাৰ মাজত শনিবাৰে সহানুভূতিৰ হাত আগবঢ়াই নগাঁৱৰ কেইবাটাও জাতীয় সংগঠনে । সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনী নগাঁও জিলা সমিতি, কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা, অনুসূচিত জাতি পৰিষদ আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ যৌথ উদ্যোগত বানাক্ৰান্ত সকলৰ মাজত পৰ্যাপ্ত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.