অসম

assam

Poor road condition: চৰকাৰৰ নাই কাণষাৰ; হাতে হাতে কোৰ লৈ পথ মেৰামতিত নামিল ৰাইজ

By

Published : Aug 21, 2023, 1:25 PM IST

চৰকাৰলৈ বাট চাই চাই উপায়বিহীন হৈ নিজেই পথ নিৰ্মাণত নামিল হাফলঙৰ সমীপৰ খংচাই গাঁওবাসীয়ে ৷ হাফলং লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷

Pathetic Road condition at HAFLONG Dima hasao
ডিমা হাছাও জিলাত অনুন্নত পথ নিৰ্মাণত ব্যস্ত স্থানীয় লোক

ডিমা হাছাও জিলাত অনুন্নত পথ নিৰ্মাণত ব্যস্ত স্থানীয় লোক

হাফলং, 21 আগষ্ট:প্ৰতিটো ভাষণতে ৰাজ্যৰ চৌদিশে উন্নয়ন হোৱা বুলি দাবী কৰা ৰাজ্যত এতিয়া নিজৰ অনুন্নত পথ নিজেই মেৰামতি কৰিবলগীয়াত পৰিছে স্থানীয় ৰাইজে ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙৰ নিলগত থকা খংচাই গাঁওবাসীয়ে নিজেই পথ নিৰ্মাণ কৰিবলগীয়া হোৱা ঘটনাই হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে ।

উল্লেখ্য যে, দীর্ঘ দিন ধৰি এই খংচাই গাঁৱৰ পথটোৰ জৰাজীৰ্ণ অৱস্থা । লোক নিৰ্মাণৰ অধীনত থকা এই গাঁৱৰ পথটো নিৰ্মাণ কৰাৰ বাবে হাফলং লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে খংচাই গাঁৱৰ বাসিন্দাসকলে । অৱশেষত উপায়বিহীন হৈ গাঁওবাসীসকলে নিজৰ মাজতে ধন সংগ্ৰহ কৰি পথ নিৰ্মাণৰ কামত নামিছে । খংচাই গাঁৱৰ ভিলেজ কাউন্সিলৰ সদস্যসকলে এই পথটো নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে পথটোৰ দুৰাৱস্থাৰ বাবে জৰুৰীকালীন সেৱা লাভৰ পৰাও বঞ্চিত হৈ আহিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ভিলেজ কাউন্সিলৰ সদস্যসকলৰ সদস্যসকলৰ উদ্যোগত অস্থায়ীভাৱে পথটো নিৰ্মাণ কৰা হৈছে যদিও স্থানীয় লোক অনতিপলমে খংচাই গাঁৱৰ এই পথটো চৰকাৰী উদ্যোগত দীৰ্ঘস্থায়ীভাৱে নিৰ্মাণ কৰাৰ দাবী তুলিছে । পথছোৱাৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে বুলিও জানিবলৈ দিয়ে শিক্ষাৰ্থীসকলে ।

চৰকাৰী বিভাগটোৱে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বাবেই খংচাই গাঁওবাসীয়ে পথটো মেৰামতি কৰি সাময়িকভাৱে চলাচলৰ উপযোগী কৰি তুলিছে । উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ অন্যতম পাহাৰীয়া জিলাখনৰ সদৰ চহৰখনৰ বাট-পথৰ এনে অৱস্থাই ৰাজ্য চৰকাৰখনৰ স্বৰূপ উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক:Assam BJP internal conflict: বিজেপিত সংঘাত সৃষ্টি কৰিবলৈ কংগ্ৰেছে আনিছে ন-বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ !

ABOUT THE AUTHOR

...view details