ETV Bharat / state

Assam BJP internal conflict: বিজেপিত সংঘাত সৃষ্টি কৰিবলৈ কংগ্ৰেছে আনিছে ন-বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ !

author img

By

Published : Aug 21, 2023, 12:04 PM IST

MLA RANJIT Dutta press meet regarding BJP Internal clash
বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ সংবাদ মেল

বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ সংবাদ মেল ৷ নতুন বিজেপি পুৰণি বিজেপিৰ প্ৰসংগত বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপি বিধায়কগৰাকী ৷ কাৰোবাৰ মনত যদি দলটোৰ প্ৰতি কিবা আক্ষেপ আছে সেয়া দলৰ মাজত আলোচনা কৰি সমাধান কৰাৰ বাবে আহ্বান জনায় সংবাদমেলযোগে ।

বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ সংবাদ মেল

বিশ্বনাথ, 20 আগষ্ট: কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টীৰ মাজত আভ্যন্তৰীণ সংঘাত সৃষ্টি কৰিবলৈ আনিছে নতুন বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ ৷ বিহালী সমষ্টিৰ বিধায়ক তথা বিজেপিৰ জেষ্ঠ নেতা, একালৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তই আয়োজন কৰা এক সংবাদ মেলত কয় এই কথা । বিজেপি দলৰ নীতি অনুসৰি প্ৰথম ৰাষ্ট্ৰ, দ্বিতীয় দল আৰু তৃতীয়তহে ব্যক্তি বুলি কয় জ্যেষ্ঠ নেতাজনে ।

বৰ্তমান সংবাদ মাধ্যমত নতুন আৰু পুৰণি বিতৰ্কৰ বিশেষ চৰ্চা চলা দেখা পোৱা গৈছে যদিও ভাৰতীয় জনতা পাৰ্টীত নতুন বা পুৰণি সদস্য বুলি কোনো কথা নাই বুলি স্পষ্ট কৰি দিয়ে দত্তই । এই শব্দটো কংগ্ৰেছ দলৰ পৰা অহা শব্দ বুলিও কয় নেতাগৰাকীয়ে । কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ এনে প্ৰসংগ আনিছে বুলি কয় ৰঞ্জিত দত্তই ।

কংগ্ৰেছেহে এতিয়া বিজেপি দলৰ চিন্তা কৰিছে বুলি সংবাদ মেলখনত উল্লেখ কৰি নতুন পুৰণিৰ প্ৰসংগটো কংগ্ৰেছেহে বহলাই আছে বুলি বিৰোধী দলটোক দোষাৰোপ কৰে দত্তই । পুনৰ ভাৰতীয় জনতা পাৰ্টীত নতুন পুৰণি বুলি কোনো কথা নাই বুলি কৈ এটা ৰাজনৈতিক দলত নতুন মানুহ আহিবই তথা নতুন মানুহক কাম কৰিবলৈ সুবিধা প্ৰদান কৰিলেহে দল আগবাঢ়িব বুলিও দত্তই কয় ।

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগটো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিহালী সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ বিহালী সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবে জ্যেষ্ঠ নেতাজনৰ মনত কোনো আক্ষেপ নাই বুলি সংবাদ মেলত জনায় ৰঞ্জিত দত্তই ।

এই প্ৰসংগত দত্তই কয়, "দলে মোক বহুত দিলে ৷ মই আৰু আশাও নকৰো । নতুনক আমি সুবিধা দিবই লাগিব । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে কিয় এনে মন্তব্য কৰিলে ৷ মই নাজানো ৷ এইটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত মতামত । ভাৰতীয় জনতা পাৰ্টী এজন লোকৰ ওপৰত নিৰ্ভৰ কৰি চলা দল নহয় । এটা ঘৰত ভাই-ককাইৰ মাজত কাজিয়া লাগেই কিন্তু সেইটো ঘৰৰ ভিতৰতে মিলাই লব লাগে ।’’

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তই ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তালৈ সংবাদ মেলযোগে কাৰোবাৰ মনত যদি দলৰ প্ৰতি কিবা আক্ষেপ আছে সেয়া দলৰ মাজত আলোচনা কৰি সমাধান কৰাৰ বাবে আহবান জনায় ।

লগতে পঢ়ক: PM will change Constitution: পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধান সলনি কৰিব মোদীয়ে; লালন সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.