অসম

assam

মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত নন্দিতা গাৰ্লোচা

By

Published : Jun 19, 2022, 9:45 PM IST

মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰথমবাৰলৈ নিজৰ সমষ্টি হাফলঙত উপস্থিত হয় নন্দিতা গাৰ্লোচা (Minister Nandita Garlosa at Haflong)। ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়িকাগৰাকীক বিজেপি নেতা-কৰ্মীৰ বিপুল আদৰণি । হাফলঙৰ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

Haflong
মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত নন্দিতা গাৰ্লোচা

ডিমা হাছাও,১৯ জুন :কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নিজৰ সমষ্টি হাফলঙত উপস্থিত নন্দিতা গাৰ্লোচা (Minister Nandita Garlosa at Haflong)। দেওবাৰে হাফলং অহাৰ পিছতে দিনৰ ভাগত প্ৰথমে নতুন শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হাফলং জিলা বিজেপি কাৰ্যালয়ত আহি উপস্থিত হয় । হাফলঙৰ অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক জিলা বিজেপিৰ ফালৰ পৰা বিপুল আদৰণি জনোৱা হয় (Minister Nandita Garlosa received huge welcome in Haflong)।

বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেনসহ জিলা বিজেপিৰ নেতা-কৰ্মী সকলোৱে বিপুল আদৰণি জনায় নৱ নিযুক্ত মন্ত্ৰীগৰাকীক । ইয়াৰ উপৰিও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নিপোলাল হোজাই, নজিৎ কেম্প্ৰাই, পাৱদামিঙ ৰিয়ামে আদিকে ধৰি বিভিন্নজনে মন্ত্ৰী নন্দিতা গাৰ্লোচাক আদৰণি জনায় ।

ইফালে মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে হাফলঙত উপস্থিত হৈ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই সংবাদমাধ্যমৰ আগতে কয় যে, ৰাজ্যৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম হাফলং ভ্ৰমণ । শনিবাৰে তেওঁ দিয়ুংবৰাত বান পৰিস্থিতিৰ বুজ লোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত নন্দিতা গাৰ্লোচা

ইয়াৰ পিছতে আশ্ৰয় শিবিৰত থকা বানৰ কৱলত পৰি গৃহহীন হৈ পৰা লোকসকলৰ খবৰ লৈ জিলা প্ৰশাসনক দুৰ্গতসকলৰ বাবে খাদ্য সামগ্ৰী দিয়াৰ নিৰ্দেশো দিয়া বুলি মন্ত্ৰীগৰাকীয়ে কয় । তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰি কয় যে, প্ৰায় এমাহৰ ভিতৰত ডিমা হাছাও জিলাত দ্বিতীয় বাৰৰ বাবে প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে (Nandita Garlosa on Dima Hasao Flood)।

তেওঁ উল্লেখ কৰা মতে সম্প্ৰতি দিয়ুংবৰাত চাৰি শতাধিকৰো অধিক বানাক্ৰান্ত আশ্ৰয় শিবিৰত আছে । চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ সকলো খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লচাই ।

লগতে পঢ়ক :কাজিৰঙাত বান পৰিস্থিতিক লৈ অধিক সষ্টম তথা কঠোৰ হৈছে পৰিবহন বিভাগ

ABOUT THE AUTHOR

...view details