ETV Bharat / state

কাজিৰঙাত বান পৰিস্থিতিক লৈ অধিক সষ্টম তথা কঠোৰ হৈছে পৰিবহন বিভাগ

author img

By

Published : Jun 19, 2022, 7:27 PM IST

ৰাজ্য়ত অপৰিৱৰ্তিত বান পৰিস্থিতি(Floods cause extensive damage in Assam) । ক্ৰমাৎ কাজিৰঙাতো বানে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে(Flood affects Kaziranga National Park) । কিয়নো ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৪টা কৈ বন শিৱিৰ বৰ্তমান বাঢ়নী পানীৰ কৱলত(Floods at 14 forest camps in Kaziranga) । সেয়ে কাৰ্বি পাহাৰলৈ গতি কৰা জীৱ-জন্তুৰ যাতে কোনো অনিষ্ট সাধন নহয় তাৰবাবে অধিক কঠোৰ হৈছে নগাঁও জিলা পৰিবহন বিভাগ ।

more efficient kaziranga transport department on flood situation
কাজিৰঙাত বান পৰিস্থিতিক লৈ অধিক সষ্টম আৰু কঠোৰ হৈছে পৰিবহন বিভাগ

কাজিৰঙা, ১৯ জুন : ৰাজ্যজুৰি বানৰ সংহাৰ(Floods cause extensive damage in Assam) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানতো বৃদ্ধি পাইছে বানৰ প্ৰকোপ(Flood affects Kaziranga National Park) । ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ ১৪টা কৈ বন শিৱিৰ বৰ্তমান বুৰ গৈছে বানত । নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বন্য জীৱ-জন্তু । সেয়েহে যথেষ্ট কঠোৰ হৈছে বন বিভাগ তথা নগাঁও জিলা পৰিৱহন বিভাগ ।

বন্য জন্তুৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে । এনে সময়ত কাজিৰঙাৰে পাৰ হৈ যোৱা বাহনসমূহে যাতে জীৱকুলৰ কোনোধৰণৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা পৰিবহন বিভাগে । সকলোকে গাড়ী লাহে লাহে চলাবলৈ জনাইছে আহ্বান ।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যজন্তুৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছটা মুখ্য স্থানত ছেনছৰ কেমেৰা স্থাপন কৰিছে ৷ যাৰ জৰিয়তে ঘণ্টাত ৪০ কিলোমিটাৰতকৈ বেগত যোৱা বাহনক নিৰীক্ষণ কৰি জৰিমনা বিহিছে । সমগ্ৰ পৰিৱেশ নিৰীক্ষণ কৰি আছে পৰিবহন বিভাগেৰ এনফৰ্চমেণ্ট টিমৰ দুখনকৈ বাহনে ৷ তদুপৰি জাৰি কৰা হৈছে ১৪৪ ধাৰা (144 in Kaziranga)৷

কাজিৰঙাত বান পৰিস্থিতিক লৈ অধিক সষ্টম আৰু কঠোৰ হৈছে পৰিবহন বিভাগ

জানিব পৰা মতে উদ্যানৰ ২২৩ টা বন শিবিৰৰ ভিতৰত ১৪ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । অগৰাতলি বনাঞ্চলৰ তিনিটা, কঁহৰা বনাঞ্চলৰ দুটা, বাগৰী বনাঞ্চলৰ তিনিটা, বুঢ়াপাহাৰ বনাঞ্চলৰ এটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু বিশ্বনাথ বন সংমণ্ডলৰ তিনিটা বন শিবিৰ সম্প্ৰতি জলমগ্ন ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীকেম্প, অগৰাতলি বনাঞ্চলৰ চহলা, মোৱামাৰী, মাক্ৰুম বন শিবিৰ আদি বাঢ়নী পানীয়ে বুৰাইছে (Floods at 14 forest camps in Kaziranga)৷

খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈও হৰিণা, বন গাহৰি আদি জন্তু অহা দেখা গৈছে । ইফালে দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত এতিয়ালৈ নিহত হোৱা বন্য জন্তুৰ সংখ্যা চাৰিটালৈ বৃদ্ধি পাইছে ৷ ইয়াৰে তিনিটা হৰিণা আৰু এটা নাহৰফুটুকী ৷

লগতে পঢ়ক: Flood in Kaziranga National Park : বানৰ কৱলত কাজিৰঙাৰ ১৪ টা বন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.