অসম

assam

ডিমা হাছাওত সোপাধৰাৰ সন্দেহত দুজনক গণপ্ৰহাৰ

By

Published : Sep 22, 2022, 5:30 PM IST

Lynching on suspicion of poaching in Dima Hasao
ডিমা হাছাওত সোপাধৰাৰ সন্দেহত দুজনক গণপ্ৰহাৰ ()

ৰাজ্যত বৰ্তমান বিৰাজ কৰিছে অন্য এক আতংকই (Fear of kidnapping in Assam)। সেয়া হৈছে সোপাধৰাৰ আতংক (kidnapping tense situation in Assam)। ফলত অচিনাকি ব্যক্তি দেখিলেই ৰাইজে সোপাধৰাৰ সন্দেহত শাৰীৰিক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত কৰিবলৈ লৈছে ।

ডিমা হাছাও, 22 ছেপ্টেম্বৰ:ৰাজ্যত অব্যাহত আছে সোপাধৰাৰ আতংক(Fear of kidnapping in Assam) ৷ সোপাধৰাৰ দৰে মধ্যযুগীয় অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসী ৰাজ্যৰ বহু অঞ্চল ৷ শেহতীয়াকৈ সোপাধৰাৰ সন্দেহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণপ্ৰহাৰৰ ফলত মৃত্য়ু হৈছে কেইবাজনো লোকৰ ৷ সোপাধৰাৰ উৰাবাতৰিয়ে পেলইছে বহু নেতিবাচক প্ৰভাৱ ৷ ৰাজ্য জোকাৰি যোৱা অভি-নীল কাণ্ডৰ পৰা শিক্ষা নহ'ল ৰাজ্যৰ একাংশ লোকৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে এইবাৰ ডিমা হাছাও জিলাতো সোপাধৰাৰ সন্দেহত গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে ।

বুধবাৰে কাছাৰ জিলাৰ জয়পুৰত সোপাধৰাৰ সন্দেহত এজন যুৱকক কৰা গণপ্ৰহাৰৰ ঘটনাৰ এদিন পিছতে ডিমা হাছাও জিলাত এনে এক ঘটনা সংঘটিত হৈছে (Men beaten up on suspicion of kidnapper)। জিলাখনৰ মাইবাং মহকুমাৰ অন্তৰ্গত দিগেৰক্ৰ গাঁৱত এ পি ডি চি এলৰ দ্বাৰা যোগান ধৰা চ'লাৰ লাইট প্ৰদান কৰি মাইবাঙলৈ ঘূৰি অহাৰ পথতে সোপাধৰাৰ সন্দেহত দুজন লোকক পথত ৰখাই গাঁৱৰ একাংশ লোকে প্ৰহাৰ কৰে ।

এই গণপ্ৰহাৰত লোক দুজন গুৰুতৰ ভাবে আহত হয় । পিছত এই বিষয়ে জানিব পাৰি মাইবাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকদ্বয়ক মাইবাং চৰকাৰী হাস্পাতালত ভৰ্তি কৰে । কিন্তু ইয়াৰে এজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ কৰা বুলি মাইবাং আৰক্ষী সূত্ৰই সদৰি কৰিছে । অৱশ্য়ে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই ।

ইপিনে,বুধবাৰে কাছাৰ জিলাৰ জয়পুৰ শিৱস্থানত সাহীন আহমেদ লস্কৰ নামৰ এজন যুৱকক সোপাধৰাৰ সন্দেহত প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষীয়ে ১০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা বুলি জয়পুৰ আৰক্ষীয়ে সদৰি কৰিছে ।

পুখুৰীত উদ্ধাৰ ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details