পুখুৰীত উদ্ধাৰ ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ

author img

By

Published : Sep 22, 2022, 2:24 PM IST

Jorhat

যোৰহাটক ৰহস্যজনকভাৱে পুখুৰীত ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ (Jorhat 9 year old girl died)। দিনৰ ভাগৰে পৰা সন্ধানহীন হৈ আছিল দৃষ্টি শিখা দত্ত নামৰ কণমানি কিশোৰীগৰাকী । সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

যোৰহাট,২২ ছেপ্টেম্বৰ : যোৰহাট নগৰৰ সমীপৰ নাওবৈচাত মৰ্মান্তিক ঘটনা (Sad incident in Jorhat)। পুখুৰীৰ পানীত উদ্ধাৰ এগৰাকী কণমানি কিশোৰীৰ মৃতদেহ (Body of 9 year old girl found in pond)। দিনৰ ভাগৰে পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী । সমগ্ৰ ঘটনাই মৰ্মাহত কৰিছে যোৰহাটবাসীক ।

জানিব পৰা মতে মৃত কণমানিজনী নাওবৈচাৰ ৯ বছৰীয়া দৃষ্টি শিখা দত্ত (Jorhat 9 year old girl died)। বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী । পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজে বিচাৰ-খোঁচাৰ কৰিছিল যদিও কিশোৰীগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাছিল । যাৰ বাবে পৰিয়ালৰ লোকে ভোগদৈ আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে ।

আনকি কিশোৰীগৰাকীৰ নিৰুদ্দেশৰ খবৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল । ফটোসহ তথ্য উল্লেখ কৰি কিশোৰীগৰাকীৰ সম্ভেদ পালে জনাবলৈ অনুৰোধ জনাই বহুতে সামাজিক মাধ্যমত পোষ্ট কৰিছিল ।

কণমানিজনী ঘৰলৈ ঘূৰি অহাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছিল যদিও কিশোৰীগৰাকী সুস্থ শৰীৰে আৰু কেতিয়াও ঘূৰি নাহিল । ঘৰৰ পৰা কিছু নিলগত এটা পুখুৰীত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ । এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বহু লোকে ভিৰ কৰে ।

পুখুৰীত উদ্ধাৰ ৯ বছৰীয়া কিশোৰীৰ মৃতদেহ

শোকত ভাগি পৰে অঞ্চলটোৰ ৰাইজ । ইফালে কিশোৰীগৰাকীৰ পৰিয়ালৰ মাজতো অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । দিন হাজিৰা কৰা পিতৃয়ে গোটেই দিনটো কন্যাক বিচাৰি হাবাথুৰি খায় অৱশেষত এই খবৰ পোৱাৰ লগে লগে কান্দোনত ভাগি পৰে ।

ইফালে কিশোৰীগৰাকী কেনেকৈ দ' পুখুৰীটোত পৰিল তাক লৈও বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে । কোনো লোকে হত্যা কৰি কিশোৰীগৰাকীৰ মৃতদেহ তেনেদৰে পুখুৰীত পেলাই থৈ গৈছে বুলিও একাংশই সন্দেহ কৰে । অৱশ্যে আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে ক'ব পৰা যাব এয়া হত্যা আৰু দুৰ্ঘটনা ।

লগতে পঢ়ক :বিজুলী ঢেৰেকনিত জ্বলিল গোহালি, পশুধনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.