অসম

assam

প্ৰাকৃতিক দুৰ্যোগত গৃহহীন লোকক সাহাৰ্য ৰেডক্ৰ'ছ চ'ছাইটিৰ

By

Published : May 30, 2022, 7:25 PM IST

ধ্বংসস্তূপত পৰিণত হোৱা ডিমা হাছাওৰ গৃহহীন লোকসকলৰ ওচৰত থিয় দি সোমবাৰে ইণ্ডিয়ান ৰেডক্ৰ'ছ চ'ছাইটিয়ে(Indian Red Cross Society) সাহাৰ্য আগবঢ়ায় । আশ্ৰয় শিবিৰত থকা মহিলা সকলক Sanitary Napkins আৰু দুৰ্গতসকলৰ মাজত টুথপেষ্ট, ব্ৰাছ, আঠুৱা, টাৱেল, চাবোন আদি বিতৰণ কৰে ৰেডক্ৰ'ছ চ'ছাইটিয়ে ৷

IRCS provides assistance to those who have become homeless due to natural calamities
প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি গৃহহীন হৈ পৰা লোক সকলক সাহাৰ্য প্ৰদান আই ৰ চি এছৰ

ডিমা হাছাও, 30 মে’:প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে ডিমা হাছাও (Landslide in Dima hasao) ৷ প্ৰকৃতিৰ ধ্বংসলীলা ইমানেই ভয়ংকৰ আছিল যে জিলাখনত হোৱা জলপ্ৰলয় আৰু ভূমিস্খলনত প্ৰায় 2,086 টা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত (2086 homes devastated by natural disaster) হৈ পৰাৰ বিপৰীতে 337 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷ লগতে 1407 টা পৰিয়াল গৃহহীন হৈ পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷

প্ৰত্যেক দিনাই ডিমা হাছাও জিলাপ্ৰশাসন ফালৰ পৰা এই দুৰ্গত সকলক খাদ্য সামগ্ৰী প্ৰদান কৰি থকা হৈছে ৷ সোমবাৰে এই দুৰ্গতসকলৰ ওচৰত থিয় দি ইণ্ডিয়ান ৰেডক্ৰ'ছ চ'ছাইটিয়ে সাহাৰ্য আগবঢ়ায় । জিলাখনৰ বিভিন্ন আশ্ৰয় শিবিৰত থকা দুৰ্গতসকলক ইণ্ডিয়ান ৰেডক্ৰছ চ'ছাইটিৰ সদস্যসকলে Hygiene kit প্ৰদান কৰে (IRCS provides assistance) ৷

প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি গৃহহীন হৈ পৰা লোক সকলক সাহাৰ্য প্ৰদান আই ৰ চি এছৰ

লগতে আশ্ৰয় শিবিৰত কিদৰে পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগে আৰু আশ্ৰয় শিবিৰসমূহ কিদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে তাক লৈ ইণ্ডিয়ান ৰেডক্ৰ'ছ চ'ছাইটিৰ সদস্যসকলে এক সজাগতা অভিযান চলায় । ইফালে নামনি হাফলঙৰ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু নিম্ন হাফলং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত গৃহহীন প্ৰায় 50 টা পৰিয়াল এই দুখন বিদ্যালয়ত আশ্ৰয় লৈ আছে ।

ইণ্ডিয়ান ৰেডক্ৰ'ছ চ'ছাইটিৰ ডিমা হাছাও জিলা শাখাৰ ফালৰ পৰা এই আশ্ৰয় শিবিৰত ইণ্ডিয়ান ৰেডক্ৰ'ছ চ'ছাইটিৰ হাফলং শাখাৰ অধ্যক্ষ পাৱৰামডিং জেমি, উপাধ্যক্ষ শ্যামল নন্দী, সচিব ডঃ নিৰ্মল সিং, পান্নালাল চৰকাৰ আৰু আইআৰচিএছৰ সদস্যসকল উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা মহিলা সকলক Sanitary Napkins আৰু দুৰ্গতসকলৰ মাজত টুথপেষ্ট, ব্ৰাছ, আঠুৱা, টাৱেল আদি বিতৰণ কৰে ৷

লগতে পঢ়ক :মাজুলীত ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰিলে ৰাজ্যপালে

ABOUT THE AUTHOR

...view details