অসম

assam

Drugs seized in Dima Hasao: ডিমা হাছাওত নিচাজাতীয় দ্ৰব্যসহ চাৰি যুৱকক গ্ৰেপ্তাৰ

By

Published : Oct 18, 2022, 8:19 PM IST

ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে পূৰ্বতকৈও অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ তাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আহিছে ড্ৰাগছৰ বেহা । সোমবাৰে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ডিমা হাছাও আৰক্ষীয়ে জব্দ কৰে বুজন পৰিণাণৰ নিচাজাতীয় দ্ৰব্য (Drugs seized in Dima Hasao) ।

drugs seized in dimahasao
ডিমা হাছাওত নিচাজাতীয় দ্ৰব্যসহ চাৰি যুৱকক গ্ৰেপ্তাৰ

হাফলং, ১৮ অক্টোবৰ: ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যহত আছে(Anti drugs mission by Assam police) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই অসম আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰো কৰিছে(Assam police against drugs) । কিন্তু ৰাজ্যত ড্ৰাগছ সৰবৰাহকাৰী সকলে ড্ৰাগছ সৰবৰাহ কৰাৰ ক্ষেত্ৰত ন ন কৌশল অৱলম্বন কৰিছে । ড্ৰাগছৰ স্বৰ্গ হিচাপে পৰিণত হৈছে অসমৰ অন্যতম পাহাৰীয়া জিলাখনো ।

এইবাৰ ডিমা হাছাও জিলাত সন্দেহযুক্ত হেৰ'ইন আৰু গাঞ্জাসহ চাৰিজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে(Drugs seized in Dima Hasao) । সোমবাৰে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ডিমা হাছাও জিলাৰ উপ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই মাহুৰত দুখন মটৰ চাইকেলত হাফলঙৰ পৰা আহি থকাৰ অৱস্থাত লংমা গাঁৱৰ সমীপতে দুখন মটৰ চাইকেল জব্দ কৰাৰ লগতে চাৰি গৰাকী যুৱকৰ পৰা সন্দেহযুক্ত হেৰ’ইন আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । লগতে চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Four arrested with narcotics) ।

ডিমা হাছাওত নিচাজাতীয় দ্ৰব্যসহ চাৰি যুৱকক গ্ৰেপ্তাৰ

জানিব পৰা মতে এই চাৰিজন যুৱকৰ ভিতৰত দুজন যুৱক হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ আৰু আন দুজন যুৱক হাফলং চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ ছাত্ৰ । ইফালে মঙলবাৰে ডিমা হাছাওৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে ড্ৰাগছৰ বিৰুদ্ধে ডিমা হাছাও আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এই অভিযান অব্যাহত থাকিব ।

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় সোমবাৰে চাৰিজন যুৱকে মাহুৰৰ পৰা দুখন মটৰ চাইকেলেৰে ড্ৰাগছ লৈ হাফলঙৰ দিশে আহি আছিল । এই তথ্যৰ ভিত্তিত ডিমা হাছাও আৰক্ষীৰ এটা দলে চলোৱা এক অভিযানত চাৰিজন যুৱকক আটক কৰাৰ লগতে যুৱক কেইজনৰ পৰা ২১.৩৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু ৫০৭ গ্ৰাম গাঞ্জা, চিৰিঞ্জ আদি জব্দ কৰে । পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা যুৱক কেইজনৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত হাফলং সদৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা যুৱককেইজন হৈছে ক্ৰমে হেমন্ত নুনিচা, সাহিল থাওচেন, সুজিত নাৰ্জাৰী আৰু মাইৰিং নাইডিং । সংবাদমেলত উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এই যুৱককেইজনে এই ড্ৰাগছখিনি কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ পৰা হাফলঙলৈ আনি আছিল ।

লগতে পঢ়ক:Fire breakout in Barpeta: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল বিদ্যালয়

ABOUT THE AUTHOR

...view details