অসম

assam

বান পৰিস্থিতি নিয়ন্ত্ৰণকলৈ হাফলংত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Jun 16, 2021, 8:16 PM IST

প্ৰতি বছৰেই জুন-জুলাই মাহত ৰাজ্য জৰুলা হয় বানত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে পাহাৰীয়া জিলাখন বানৰ কৱলত পৰা দেখা যায় ৷ সেই হেতুকে পাহাৰীয়া জিলাখনৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ আৰু যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিবৰ বাবে আগতীয়াকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাক লৈ বুধবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ।

বান পৰিস্থিতি নিয়ন্ত্ৰণকলৈ হাফলংত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
বান পৰিস্থিতি নিয়ন্ত্ৰণকলৈ হাফলংত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিমা হাছাও, 16 জুন : বুধবাৰে হাফলঙত ডিমা হাছাও (Dima Hasao) জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণক লৈ জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগ (disaster management Department)ৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয় । প্ৰতি বছৰেই জুন-জুলাইত ৰাজ্য জৰুলা হয় বানত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে পাহাৰীয়া জিলাখন বানৰ কৱলত পৰা দেখা যায় ৷ সেইহেতুকে পাহাৰীয়া জিলাখনৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ আৰু যি কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিবৰ বাবে আগতীয়াকৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাক লৈ বুধবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ।

জিলা উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠক খনত উপস্থিত আছিল ৰাজ্যেৰ দুৰ্যোগ প্ৰশমন বিভাগ (disaster management Department)ৰ প্ৰজেক্ট বিষয়া অংকুৰ বিকাশ দেৱ মহাৰণা চৌধুৰী, আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু বিভিন্ন চৰকাৰী বিভাগৰ নডেল অফিচাৰ । উল্লেখযোগ্য যে, ডিমা হাছাও (Dima Hasao) জিলাত ৰাজ্যৰ অন্যান্য অংশত যেনে ধৰণৰ বান পৰিস্থিতি হয় তেনেকৈ নহয় । কিন্তু ব্যাপক বৰষুণৰ ফলত ভূমিস্খলন আৰু পাহাৰীয়া নৈৰ বাঢ়নি পানীয়ে ব্যাপক ক্ষতি সাধন কৰে ।

বান পৰিস্থিতি নিয়ন্ত্ৰণকলৈ হাফলংত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

বৰষুণৰ দিনত ভূমিস্খলনৰ ফলত নগৰ অঞ্চলকে ধৰি গাঁও সমূহত ব্যাপক ক্ষতিসাধন হয় ৷ বিশেষ কৈ ভূমিস্খলনৰ ফলত কৃষক সকলৰ খেতি আৰু পশুধনৰ ব্যাপক ক্ষতি হয় । এই সময়ছোৱাত বহু লোক গৃহহীন হ’ব লগা হয় যাৰ বাবে বহু ঠাইত আশ্ৰয় শিৱিৰ স্থাপন কৰিব লগীয়া হয় প্ৰশাসনে ।

সম্প্ৰতি ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতে বান পৰিস্থিতি সৃষ্টি হলে বানাক্ৰান্ত সকলৰ বাবে যি আশ্ৰয় শিবিৰ স্থাপন কৰা হ’ব এই আশ্ৰয় শিবিৰত ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এগৰাকী ব্যক্তিৰ থকাৰ বাবে 7 স্কোৱাৰ মিটাৰ আৰু 75 স্কোৱাৰ ফুট ঘৰৰ ব্যৱস্থা কৰিব লাগিব ৷ ইয়াৰ উপৰি এগৰাকী ব্যক্তিৰ বাবে 7 লিটাৰ পানী আৰু পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে বায়ো টয়লেটৰ ব্যৱস্থা কৰিব লাগিব ৷

একেদৰে আশ্ৰয় শিৱিৰ সমূহত শিশু সকলৰ বাবে স্বাস্থ্যবিধি সম্পন্ন ব্যৱস্থা থকাৰ লগতে ৰেজিষ্ট্ৰেচন কাউণ্টাৰ মেডিকেল অফিচাৰ ৰাখিব লাগিব আশ্ৰয় শিৱিৰ সমূহত । যাৰ বাবে বুধবাৰে বৈঠকত দুৰ্যোগ প্ৰসমন বিভাগ আৰু সংশ্লিষ্ট বিভাগীয় বিষয়া সকলক অতি শীঘ্ৰে পৰিকল্পনা প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত পল বৰুৱাই ।

লগতে পঢ়কঃ মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?

ABOUT THE AUTHOR

...view details